• গুৰুজনাৰ তিৰোভাৱ তিথিত এক আলোকপাতঃ অসমীয়া সমাজলৈ শংকৰদেৱৰ অৱদান

    আঞ্চলিক
    গুৰুজনাৰ তিৰোভাৱ তিথিত এক আলোকপাতঃ  অসমীয়া সমাজলৈ শংকৰদেৱৰ অৱদান
    ডিজিটেল ডেস্ক
    বৃহত্তৰ অসমীয়া সমাজ গঠনত শংকৰদেৱৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ৷ তদুপৰি তেওঁক  সমাজ সংস্কাৰক হিচাপেও অভিহিত কৰিব পাৰি৷ শক্তি পূজা,বলি বিধান আদিৰ প্ৰচলন থকা সমাজখনলৈ তেওঁ নতুনৰ বাৰ্তা কঢ়িয়াই আনিছিল৷

    ভগৱান শ্ৰীকৃষ্ণৰ দৰেই তেওঁক শৈশৱৰ কাহিনীসমূহ আছিল অনুপম৷ নিচেই কম বয়সতে তেওঁ বাৰিষাৰ ভৰা লুইত সাঁতুৰি পাৰ হৈছিল বুলি শুনা যায়৷আনকি এটা দূৰ্দান্ত ষাঁড় গৰুৰ সৈতে অকলেই যুঁজিছিল শংকৰদেৱে৷ জন্মৰ পিছতেই পিতৃ-মাতৃক হেৰুওৱা শংকৰদেৱক বুঢ়ীআই খেৰসুঁতীয়ে তুলি-তালি ডাঙৰ দীঘল কৰিছিল৷ মহেন্দ্ৰ কন্দলীৰ পাঠশালালৈ গৈয়েই  আ-কাৰ ই-কাৰ নোহোৱা কবিতা লিখি পাণ্ডিত্যৰ পৰিচয় দিছিল শংকৰদেৱে৷ 

    মাত্ৰ ২১ বছৰ বয়সতে পিতৃৰ সৰিয়হতলীত  শংকৰদেৱে নিৰ্মাণ কৰি উলিওৱা নামঘৰ আজি অসমীয়া সমাজৰ অভিন্ন অংগ৷ নামঘৰৰ দৰে স্থাপত্য হয়তো সমগ্ৰ বিশ্বতেই বিৰল৷ 

    নানা অন্ধবিশ্বাসে সেই সময়ৰ সমাজখন ছানি ধৰাৰ সময়ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰি মানুহৰ মুক্তিৰ পথ প্ৰশস্ত কৰিছিল৷ তেওঁ নেতৃত্বত অসমত ভক্তি আন্দোলনো গঢ় লৈ উঠিছিল৷ আড়ম্বৰপূৰ্ণ পূজা - অৰ্চনাৰ বিপৰীতে তেওঁ মত প্ৰচাৰ কৰিছিল যে  একান্ত ভক্তিৰ যোগেদিয়েই ভগৱানৰ আশীষ লাভ কৰিব পাৰি৷ সেই সময়ছোৱাত সমাজৰ নিম্ন বৰ্গৰ লোক সকলক ধৰ্মীয় অনুষ্ঠান বা ধৰ্মীয় কাম-কাজত সহযোগ কৰিবলৈ দিয়া নহৈছিল৷ শংকৰদেৱে এই লোক সকলক তেওঁ প্ৰচাৰ কৰা ধৰ্মৰ জৰিয়তে সমাজত সমান স্থান প্ৰদান কৰি তাহানিতেই এখন গণতান্ত্ৰিক সমাজ প্ৰতিষ্ঠা কৰি থৈ গৈছিল৷ 

    অৱশ্যে শংকৰদেৱক কেৱল ধৰ্মগুৰুৰ দৃষ্টিৰেই চোৱাৰ বাবে তেওঁ অসমতেই সীমাবদ্ধ হৈ থাকিল৷ শংকৰদেৱ আছিল এগৰাকী শিল্পী৷ ধৰ্ম প্ৰচাৰৰ বাবে ৰচনা কৰা বৰগীত ,কীৰ্ত্তন ,দশম, ভাওনা, অংকীয়া নাট, সত্ৰীয়া নৃত্য আদিয়ে অসমীয়া কৃষ্টি-সংস্কৃতিক সমৃদ্ধ কৰিছে৷ তেওঁ আছিল মুকলি মঞ্চৰ জন্মদাতা৷ 

     
    শ্ৰীমন্ত শংকৰদেৱ আছিল সৰ্বকালৰ সৰ্ব শ্ৰেষ্ঠ পুৰুষ৷ অসমত এনে এজন ব্যক্তিয়ে জন্মলাভ কৰাৰ বাবে অসমবাসী ধন্য হৈছে৷ তেওঁ সৃষ্টিৰাজি সমূহ আজি অসমীয়া সমাজৰ আধাৰ। নামঘৰ , সত্ৰসমূহ অবিহনে অসমীয়া সমাজখন হয়তো অসম্পূৰ্ণ ৷ অসমৰ ক্ষেত্ৰত গুৰুজনাই আগবঢ়োৱা  অৱদানসমূহৰ বাবে আমি চিৰঋণী৷ আজি তিৰোভাৱ তিথিৰ দিনটোত গুৰুজনাৰ চৰণত আমাৰ শতকোটি প্ৰণাম ৷

    “জয় গুৰু শংকৰ    সৰ্ব গুনাকৰ 
         জাকেৰি নাহিকে উপাম 
    তোহাৰি চৰণে       ৰেণু শত কৌটি
             বাৰেক কৰোহোঁ প্ৰণাম ”