ডিজিটেল ডেস্ক : চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা আৰু অংকুমান বৰদলৈক বিনাচৰ্তে মুক্তিৰ দাবী আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ।আজি এক বিজ্ঞপ্তিযোগে আপৰ নেতাগৰাকীয়ে ৰাজ্য চৰকাৰৰ স্বৈৰতান্ত্ৰিক পদক্ষেপৰ বিৰোধিতা কৰি কয়, গুৱাহাটী মহানগৰীত উৰণ সেতু নিৰ্মাণৰ নামত চৰকাৰে পাৰিপাৰ্শ্বিকতাৰ ওপৰত আক্ৰমণ চলাইছে।
ভৰলুমুখত শত বছৰ গৰকা বহুসংখ্যক গছ কটাৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন সংগঠন তথা সচেতন ৰাইজে প্ৰতিবাদ কৰিছে। চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা আৰু জাতীয় যুৱ বাহিনীৰ প্ৰচাৰ সম্পাদক অংকুমান বৰদলৈয়ে ছবি আঁকি প্ৰতিবাদ সাব্যস্ত কৰিছে।
পৰিবেশ আৰু প্ৰকৃতিৰ বিৰুদ্ধে চৰকাৰে কৰা অন্যায়ৰ প্ৰতিবাদ কৰিছে শিল্পীয়ে।ৰং-তুলিকাৰে কৰা এই প্ৰতিবাদ গণতান্ত্ৰিক আন্দোলনৰ এটা অংশ। আম আদমী পাৰ্টিয়ে শিল্পী মাৰ্শ্বেল বৰুৱা আৰু অংকুমান বৰদলৈক অবিলম্বে মুক্তি দিবলৈ দাবী জনাইছোঁ। আপৰ ৰাজ্যিক সভাপতিগৰাকীয়ে লগতে কয়, 'চৰকাৰে উন্নয়নৰ নামত গুৱাহাটী মহানগৰীত উৰণ সেতু নিৰ্মাণত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহ পৰিণতি আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়টো মুঠেও গুৰুত্ব সহকাৰে লোৱা নাই। কেইদিনমান পূৰ্বে দীঘলীপুখুৰীৰ গছ কটাৰ বিৰুদ্ধেও প্ৰতিবাদ হৈছিল। জনসাধাৰণৰ স্বতঃস্ফুৰ্ত প্ৰতিবাদৰ পাছত দীঘলীপুখুৰীৰ পাৰৰ গছ কটা বন্ধ হয়। আমি ভৰলুমুখৰ গছ কটাৰ সিদ্ধান্তও প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছোঁ। মহানগৰীৰ পাৰিপাৰ্শ্বিকতা বিনষ্টকাৰী যিকোনো পদক্ষেপ গ্ৰহণৰ পৰা চৰকাৰক বিৰত থাকিবলৈ আহ্বান জনাইছোঁ।'
Leave A Comment