• আজাৰা আৰক্ষীৰ জালত পৰিল গভাইত এটিএম কাৰ্ড চোৰ আনোৱাৰ হুছেইন

    আঞ্চলিক
    আজাৰা আৰক্ষীৰ জালত পৰিল গভাইত এটিএম কাৰ্ড চোৰ আনোৱাৰ হুছেইন

    ডিজিটেল ডেস্কঃ ৰাজ্যত চুৰিকাণ্ড সংঘটিত হৈয়ে থাকে। বৰ্তমান ৰাজ্যত বৃদ্ধি পাইছে এটিএমৰ পৰা ধন হৰলুকি কৰা চক্ৰৰ সক্ৰিয়তা।


    কেতিয়াবা একাউণ্টৰ পৰা ধন উলিয়াই নিয়ে আৰু কেতিয়াবা এটিএমলৈ যোৱা সাধাৰণ লোকক ঠগবাজি কৰি এটিএম কাৰ্ড সলাই ধন হৰলুকি কৰে। তেনে এটা ধন হৰলুকি কৰা এটা গভাইত চোৰ পৰিল আৰক্ষীৰ জালত।


    বৰঝাৰ বিমান বন্দৰৰ সমীপৰ ভিআইপিত থকা এছ বি আই শাখাৰ সমুখৰ পৰা আজাৰা আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় গভাইত চোৰটোক।


     ধৃত চোৰটোৰ নাম আনোৱাৰ হুছেইন।  ধুবুৰী ঝগৰাপাৰত ঘৰ চোৰ আনোৱাৰ হুছেইনৰ।  চোৰটোৰ পৰা এটিম কাৰ্ড ছয়খন আৰু ৪৫ হাজাৰ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে।


     বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত আজাৰা থানা আৰু বৰঝাৰ আৰক্ষী চকীৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই গভাইত চোৰটোক কৰায়ত্ত কৰি আজাৰা থানাত জেৰা চলাই আছে।