ডিজিটেল ডেস্ক: ডিবি ষ্টকৰ ট্ৰেডিং কেলেংকাৰীয়ে ৰাজ্য উত্তাৱল কৰিযোৱাৰ পাছতে পুনৰ আন এক ট্ৰেডিং কেলেংকাৰীৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ এডি ষ্টকে তিনি মাহত টকা ডাবল কৰাৰ প্ৰতিশ্ৰুতিৰে লুণ্ঠন কৰিলে ৰাইজৰ লাখে লাখে ধন।
জানিব পৰামতে এডি ষ্টক ব্ৰ’কিং বিত্তীয় সেৱা নামাৰে হেঙেৰাবাৰীত কাৰ্যালয় খুলি ট্রেডিংৰ নামত ধন সংগ্ৰহ কৰিছিল অল্পনা দাস নামৰ মহিলা গৰাকীয়ে। অল্পনা দাসৰ নেতৃত্বত এই চক্ৰটোৱে বিনিয়োগকাৰীক মাহিলী ১৩% সুত দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। প্ৰথম অৱস্থাত প্ৰায় দুবছৰ সময় ঠিকেই সুত লাভ কৰি আছিল বিনিয়োগকাৰীয়ে।অৱশ্যে চলিত বৰ্ষৰ জুলাইৰ পৰা বিনিয়োগকাৰীক ধন ওভতাই দিয়া নাছিল বুলি জানিবপৰা গৈছে। অৱশেষত দীপাংকৰ বৰ্মনৰ পলায়নৰ পাছতে একে কাইদাৰে কেইবাশ কোটি টকা লৈ গুৱাহাটীৰ পৰা পলায়ন কৰে অল্পনা দাসে।
উল্লেখযোগ্য যে ডিবি ষ্টকৰৰ দৰেই বহিঃৰাজ্যৰ বহু লোকেও ধন বিনিয়োগ কৰিছিল এডি ষ্টকত।
অভিযুক্ত অল্পনা দাসে এসময়ত এডি ষ্টকত মেনেজাৰ হিচাবে কৰ্মৰত আছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে বহু ভূক্তভোগীয়ে। কিন্তু এই পৰ্যন্ত অল্পনা দাসক বিচাৰি উলিয়াব পৰা নাই আৰক্ষীয়ে।
Leave A Comment