• অনা শৈক্ষিক কামত শিক্ষকক জড়িত কৰাৰ বিৰুদ্ধে আপ; শিক্ষক আন্দোলনৰ প্ৰতি 'আপ'ৰ সমৰ্থন

    আঞ্চলিক
    অনা শৈক্ষিক কামত শিক্ষকক জড়িত কৰাৰ বিৰুদ্ধে আপ; শিক্ষক আন্দোলনৰ প্ৰতি 'আপ'ৰ সমৰ্থন
    ডিজিটেল ডেস্কঃ শেহতীকৈ ৰাজ্যৰ প্ৰায় ২ লাখ শিক্ষকে বিভাগীয় হোৱাটছ এপ গ্ৰুপ ত্যাগ কৰি অনাশৈক্ষিক কামৰ বোজা জাপি দিয়াৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে শিক্ষক সমাজ৷ শিক্ষক সকলৰ এই প্ৰতিবাদী আন্দোলনলৈ সমৰ্থন আগবঢ়াইছে আম আদমী পাৰ্টিয়ে৷

    এই সন্দৰ্ভত আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুনম গগৈয়ে কয়,‘ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষক সকলক বিভিন্ন ধৰণৰ অনা শৈক্ষিক কাম-কাজত জড়িত কৰোৱাৰ ফলত বিদ্যালয় সমূহৰ পাঠদান ব্যাহত হৈছে। চৰকাৰে জাৰি কৰা নিৰ্দেশনা মানি লৈ শিক্ষাবৰ্ষৰ বেছিভাগ সময়তে অনা শৈক্ষিক কৰ্মত লিপ্ত থকাৰ বাবেই চৰকাৰী স্কুলত গুণগত শিক্ষা দানৰ ক্ষেত্ৰত সফল হ'ব পৰা নাই।’

    চৰকাৰৰ এনে কাৰ্যকলাপৰ প্ৰতি অতিষ্ঠ হৈ শিক্ষক সকলে বিভাগীয় হোৱাটছ এপ গ্ৰুপ ত্যাগ কৰিছে। আম আদমী পাৰ্টিয়ে শিক্ষক সকলৰ এই প্ৰতিবাদী পদক্ষেপৰ প্ৰতি সমৰ্থন আগবঢ়াইছে।পাঠদানৰ লগত একে সময়তে শিক্ষক সকলে আন কামত জড়িত হোৱাৰ ফলত সঠিক সময়ত পাঠ্যক্ৰম সমাপ্ত কৰাত বাধাৰ সৃষ্টি হয়।সেয়েহে শৈক্ষিক দিনপঞ্জীৰ বাহিৰে শিক্ষক সকলক আন কামত যুক্ত কৰোৱাটো অনুচিত। আপৰ নেত্ৰী পুনম গগৈয়ে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ দাবী চৰকাৰক মানি লৈ বিদ্যালয় সমূহত গুণগত শিক্ষা দানৰ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ দাবী জনাইছে।