ডিজিটেল ডেস্ক: মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে নৱ প্ৰজন্মৰ তথা আমাৰ সমাজক সজাগ কৰাৰ উদ্দেশ্যে অসম চেম্বাৰ অৱ কমাৰ্চৰ উদ্যোগত আজি গুৱাহাটী টাউন ক্লাবত "৫ কিলোমিটাৰ ফান ৰাণ" এক কাৰ্যক্ৰম অনুষ্ঠিত হৈ যায়। উক্ত ফান ৰাণত প্ৰতিযোগীসকলে গুৱাহাটীৰ জৰ্জ ফিল্ডৰ পৰা দৌৰ আৰম্ভ কৰি আই টি আই মাছখোৱাদি ঘূৰি আহি পুনৰাই দীঘলীপুখুৰী হৈ জৰ্জ ফিল্ডত সামৰণি মাৰে।
অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে শুভাৰম্ভণি কৰা উক্ত অনুষ্ঠানত সৰ্বমুঠ ২৯৮ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। আনহাতে ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা সামৰণি অনুষ্ঠানত উপস্থিত থাকি বিজয়ী সকলক বঁটা প্ৰদান কৰে। মন্ত্ৰীদ্বয়ে, অসম চেম্বাৰ অৱ কমাৰ্চে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লোৱাৰ লগতে কয়, ৰাজ্য চৰকাৰৰ সমান্তৰালকৈ আমি সকলোৱে ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিব লাগে। আনহাতে অৰ্জুন বঁটা বিজয়ী লন বল খেলুৱৈ নয়নমনি শইকীয়া অনুষ্ঠানটোৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে উপস্থিত থাকে। তেওঁ কয়, স্বাস্থ্যই পৰম ধন। আমাৰ সমাজৰ প্ৰত্যেকেই ড্ৰাগছৰ দৰে বিষাক্ত দ্ৰৱ্যৰ পৰা সুৰক্ষিত থকাৰ লগতে সু স্বাস্থ্যৰ অধিকাৰী হৈ থাকক।
"ফান ৰাণ"ৰ পুৰুষ শাখাত গুৱাহাটীৰ ৰিংকু দাস প্ৰথম, মেঘালয়ৰ জেমন মাকৰি দ্বিতীয় আৰু মৰিগাঁৱৰ কৈলাশ বড়োৱে তৃতীয় স্থান লাভ কৰে। আনহাতে মহিলাৰ শাখাত গুৱাহাটীৰ ফুলমনি দাসে প্ৰথম, মৰিগাঁৱৰ জ্যোতিকা বৰদলৈয়ে দ্বিতীয় আৰু গুৱাহাটীৰ কৃষ্ণাংগী বৰাই তৃতীয় স্থান দখল কৰে। বিজয়ী সকলক নগদ ধন, ট্ৰফী, মানপত্ৰ আৰু উপহাৰৰ টোপোলা প্ৰদান কৰাৰ লগতে সকলো অংশগ্ৰহণকাৰীক একোটা মেডেল আৰু একোখন মানপত্ৰ প্ৰদান কৰা হয়।
অসম চেম্বাৰ অৱ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে কয় যে ড্ৰাগছ আসক্তি বর্তমান সময়ত সমগ্ৰ বিশ্বতে এক ভয়াৱহ সমস্যা হিচাপে পৰিগণিত হৈছে। সাম্প্ৰতিক ড্ৰাগছে সমগ্ৰ ভাৰতৰ লগতে অসমতো ছানি ধৰিছে আৰু ই আমাৰ ই সমাজখনক কোঙা কৰিব ধৰিছে। আহি থকা প্ৰজন্মক ড্ৰাগছৰ ভয়াবহ ব্যাধিৰ পৰা সুৰক্ষিত কৰাটো সমাজৰ প্ৰতিজন সচেতন নাগৰিকৰে দায়িত্ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আমাৰ নৱ প্ৰজন্মক ড্ৰাগছৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ ইতিমধ্যে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে। তেনে পদক্ষেপৰ প্ৰতি অনুপ্ৰাণিত হৈ অসম চেম্বাৰ অৱ কমাৰ্চে আজি "ফান ৰাণ" শীৰ্ষক কাৰ্যসূচী আয়োজন কৰিছে। গোস্বামীয়ে লগতে অনুষ্ঠানটো সাফল্য কৰি তোলাৰ বাবে সকলো অংশগ্ৰহণকাৰী আৰু সমৰ্থক বৃন্দ, প্ৰশাসন ব্যৱস্থাৰ লগতে সংবাদ মাধ্যমৰ সতীৰ্থসকললৈ আন্তৰিক কৃতজ্ঞতা জনায়। তেওঁ লগতে অসম চেম্বাৰ অৱ কমাৰ্চৰ প্ৰতিগৰাকী সদস্যকো ধন্যবাদ জ্ঞাপন কৰে। আজিৰ অনুষ্ঠানত জি এম ডি এৰ উপাধ্যক্ষ মুকুতা ডেকা, অসম চেম্বাৰ অৱ কমাৰ্চৰ কাৰ্যবাহী সভাপতি সঞ্জীৱ নাৰায়ণ, অনুষ্ঠানটোৰ আহ্বায়ক প্ৰাণজিত হাজৰিকা আৰু ৰিপন বৰাৰ লগতে সকলো বিষয়ববীয়া উপস্থিত থাকে।
Leave A Comment