• অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ব্ৰহ্মপুত্ৰ উপত্যকা বঁটা ঘোষণা, 'আছাম ট্ৰিবিউন'ৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱাক প্ৰদান কৰা হ'ব এই বঁটা

    আঞ্চলিক
    অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ব্ৰহ্মপুত্ৰ উপত্যকা বঁটা ঘোষণা, 'আছাম ট্ৰিবিউন'ৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱাক প্ৰদান কৰা হ'ব এই বঁটা
    ডিজিটেল ডেস্কঃ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ২০২৪ বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটাৰ বাবে অসমৰ প্ৰতিষ্ঠিত ইংৰাজী দৈনিক কাকত 'আচাম ট্ৰিবিউন'ৰ কাৰ্যবাহী সম্পাদক, জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত জ্যোতি বৰুৱাক নিৰ্বাচন কৰা হৈছে৷ 

    অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটাৰ বাবে নিৰ্বাচন সমিতিৰ এখন বৈঠক আজি যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হয়৷ বৈঠকত পাঁচ জনীয়া বাচনি সমিতিৰ সিদ্ধান্ত মৰ্মে প্ৰশান্ত জ্যোতি বৰুৱাক বাচনি কৰা হয়৷ অহা ১০ মে'ত শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া সাংবাদিক সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসত এই বঁটাটি প্ৰদান কৰা হব৷

    বঁটাটিৰ লগত মানপত্ৰ, স্মাৰক আৰু নগধ ধন থাকিব৷ এই কথা সদৰি কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই৷