ডিজিটেল ডেস্ক : অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই দুলীয়াজানত আয়োজন কৰা 'অসম গ্ৰন্থমেলা'ত কিতাপ বিক্ৰীৰ পৰিমাণে লেখক-প্ৰকাশকলৈ আশাৰ বতৰা কঢ়িয়াইছে৷ অনুষ্ঠিত গ্ৰন্থমেলাৰ তৃতীয় দিনাও পুথিপ্ৰেমী বিদ্বৎ সমাজ আৰু শিক্ষাৰ্থীৰ উৎসাহজনক সমাগম পৰিলক্ষিত হয়৷ ইপিনে গ্ৰন্থমেলাৰ বাকৰিত আজি অনুষ্ঠিত হয় লেখক-পাঠক সমাৰোহ৷ আকৰ্ষণীয় অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট প্ৰকাশক, লেখক ক্ষীৰোদ কুমাৰ গোস্বামীয়ে৷ ভাষণ প্ৰসংগত তেওঁ কয় যে লেখক-পাঠকৰ সমাৰোহ অনুষ্ঠান অতি আদৰণীয়৷উভয় পক্ষই ইয়াত মুখামুখি হোৱাৰ সুযোগ পায়৷ গতিকে লেখাৰ বিষয়, ভিন্ন ধাৰা আৰু গ্ৰহণযোগ্যতা আদিক লৈ সুন্দৰ আলোচনা হোৱাৰ সুযোগ আহে এনেবোৰ অনুষ্ঠানত৷
প্ৰসংগক্ৰমে তেওঁ কয় যে ইংৰাজী বা অন্য মাধ্যমক বেয়া পোৱাৰ কোনো কাৰণ নাই৷ কিন্তু অন্য মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাটোক আঁতৰাই বা এলাগী কৰি ৰখাটো সমৰ্থনযোগ্য নহয়৷ এই বিষয়ে সকলো পক্ষকে সজাগ-সচেতন কৰাত অসমীয়া ভাষাৰ লেখক-পাঠক সকলোৰে দায়িত্ব আছে৷ অনুষ্ঠানটি সঞ্চালনা কৰি বিশিষ্ট লেখক, সতী সাধনী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াই কয়, 'লেখক-পাঠকৰ সদায়ে সম্পৰ্ক থাকে ৷ এই সম্পৰ্ক চিন্তাৰ সম্পৰ্ক৷ লেখকে পাঠকৰ চাহিদা জানিবলৈ আৰু সেইমৰ্মে লেখাৰ উত্তৰণ ঘটাবলৈ এনে সমাৰোহ অনুষ্ঠানৰ প্ৰয়োজন আছে ৷ এয়া আচলতে এক অভিনৱ পদক্ষেপ৷ ইয়াৰ জৰিয়তে লেখকে পাঠকৰ মানসিক স্তৰৰ উমান পাব পাৰে৷ তেতিয়াই লেখকে প্ৰয়োজনীয় পৰিৱৰ্তন বা সংযোজনেৰে সাহিত্যৰ মান উন্নত কৰিব পাৰে বা নতুন দিশ নিৰ্ণয় কৰিবলৈ সক্ষম হ’ব৷' ইয়াত অংশগ্ৰহণ কৰে মিতালী মহন্ত, পল্লৱী গগৈ বৰগোহাঁই, লখিমী চুতীয়া গগৈ, মীৰা দত্ত, ৰীণা বিশ্বাস, ভূপেন শইকীয়া, মনোজ কুমাৰ দত্ত,অঞ্জনা দত্ত নেওগ, মৃণালী ভূঞা বৰদলৈ, ড° শেলী দত্ত, তৌফিয়া আহমেদ, ভৱানী পেগু, ড° বসন্ত খনিকৰে৷ অনুষ্ঠানটিৰ আঁত ধৰে লেখক-সাংবাদিক নৱজ্যোতি পাঠকে৷ ইয়াৰ পাছতে প্ৰবোধ দাসৰ পৰিচালনাত বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ মাজত অনুষ্ঠিত হয় সাংস্কৃতিক প্ৰতিযোগিতা৷
তিনিখন গ্ৰন্থ উন্মোচন
অসম গ্ৰন্থমেলা, দুলীয়াজানত আজি তিনিখন গ্ৰন্থ উন্মোচিত হয়৷ গ্ৰন্থ কেইখন হৈছে পল্লৱী বৰা বৰগোহাঁইৰ 'কবি-অভিব্যক্তি', লিলি হাজৰিকাৰ 'জীৱন মন্দাকিনীৰ পাৰে পাৰে' আৰু প্ৰণৱী গগৈৰ 'জলশংখ'৷ গ্ৰন্থকেইখন উন্মোচন কৰে প্ৰকাশ আলোচনীৰ সম্পাদক মিহিৰ দেউৰী, বিশিষ্ট প্ৰকাশক ক্ষীৰোদ কুমাৰ গোস্বামী আৰু সতী সাধনী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, বিশিষ্ট লেখক ড° জ্যোতিপ্ৰসাদ শইকীয়াই৷
Leave A Comment