ডিজিটেল ডেস্ক: গুৱাহাটীস্থ সাংবাদিক সমাজকৰ্মী আজিজুৰ ৰহমান শইকীয়ালৈ প্ৰজ্ঞা মৈত্ৰী সাহিত্য-সংস্কৃতিৰ সাধনা মঞ্চই 'সাহসী সাংবাদিক সমাজসেৱী বঁটা' আগবঢ়াইছে। মহানগৰীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত কেইবাগৰাকীও ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বিশিষ্ট অতিথিৰ উপস্থিতিত অনুষ্ঠিত এক মনোজ্ঞ অনুষ্ঠানত সাংবাদিক সমাজকৰ্মী গৰাকীক এই বঁটা প্ৰদান কৰা হয়।
ছাত্ৰাৱস্থাৰে পৰা সমাজসেৱাৰে জড়িত আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনত বিগত পশ্চিছ বছৰ ধৰি সেৱা আগবঢ়ায় অহা শইকীয়ালৈ তেওঁৰ কৰ্মৰ স্বীকৃতি স্বৰূপে প্ৰজ্ঞা মৈত্ৰী সাহিত্য-সংস্কৃতিৰ সাধনা মঞ্চই এই বঁটা আগবঢ়াইছে। স্পষ্টবাদী সাংবাদিক সমাজকৰ্মী গৰাকী বিভিন্ন সামাজিক তথা ৰাজহুৱা স্বাৰ্থ জড়িত বিষয়ক লৈ সদায়ে সৰৱ ভূমিকা পালন কৰি আহিছে।
উল্লেখযোগ্য যে প্ৰজ্ঞা মৈত্ৰী সাহিত্য-সংস্কৃতিৰ সাধনা মঞ্চই জ্যোতি চিত্ৰবনত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলনৰ সৈতে সংগতি ৰাখি আজিজুৰ ৰহমান শইকীয়াৰ উপৰিও সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা আন কেইবাজনকো বঁটা প্ৰদান কৰে। বঁটা প্ৰাপ্তিৰ বাবে বিভিন্নজনে আজিজুৰ ৰহমান শইকীয়ালৈ অভিনন্দন জনাইছে।
Leave A Comment