ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিভিন্ন ভিতৰুৱা অঞ্চলত এতিয়াও অন্ধবিশ্বাসে সৰ্বসাধাৰণৰ মাজত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰি আছে তাৰে শেহতীয়া উদাহৰণ শোণিতপুৰৰ এটি অঞ্চল৷ চাৰিদুৱাৰ ৰাজহ চক্ৰ এলেকাৰ এই ভিতৰুৱা গাঁওখনত যোৱা সোমবাৰৰ পৰাই বিৰাজ কৰিছিল এক বিশেষ পৰিস্থিতিৰ৷
গাঁওখনৰ তিলক কোঁচ নামৰ লোকজনৰ বাসগৃহ চৌহদৰ বাৰীৰ পিছফালে যোৱা প্ৰায় এটা সপ্তাহে সোঁত বৈছিল বহুসংখ্যক লোকৰ৷ মংগল কামনা তথা আশীৰ্বাদ বিচাৰি এইসকল লোকে তিলক কোঁচৰ বাৰীত আৱিৰ্ভাৱ ঘটা নাগ দেৱতাৰ আৰম্ভ কৰিছিল পূজা অৰ্চনাৰ|
কোঁচৰ ঘৰত বাহ কাটি থাকোতে বাহৰ ভিতৰৰ পৰা সাপৰ দৰে এটা আকৃতি দেখা পোৱাৰ পিচৰে পৰা সেই আকৃতিটোক একাংশই ভক্তি কৰিবলৈ আৰম্ভ কৰিলে৷ আৰু সেই বিশেষ স্থান পৰিণত হ’ল উপাসনা স্থলীলৈ৷
অবশ্যে ৰঙাপৰা মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী প্ৰৱক্তা শুভম ৰয় আৰু ছাত্ৰসহ সেই স্থানত উপস্থিত হৈ এই সৰ্পদেৱতাক চিনাক্ত কৰিলে এবিধ বনৰীয়া কাঠফুলা হিচাপে৷
উল্লেখ্য যে,বিগত এবছৰে ৰঙাপৰা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগে কাঠফুলাৰ ওপৰত গৱেষণা অব্যাহত ৰখাৰ লগতে প্ৰায় ৪০বিধ ভিন্ন প্ৰজাতিৰ কাঠফুলা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷বিভাগীয় প্ৰবক্তা গৰাকীয়ে কয় যে, ‘এনে সেমেকা স্থানত এইদৰে বনৰীয়া কাঠফুলা গজাটো অতি স্বাভাবিক কথা৷’
ইমানদিনে পূজা পাতল চলি থকা এই সাপৰ ফনা সদৃশ কাঠফুলা অধিক গৱেষণাৰ বাবে সংগ্ৰহ কৰাৰ লগতে স্থানীয় ৰাইজক এইবিষয়ে অৱগত কৰি এনে উদ্ভিদ তথা বিষয়কলৈ অন্ধবিশ্বাস নকৰিবলৈ উপদেশ দিয়াত হে ৰাইজৰ মুখত হাহি বিৰিঙিল।
Leave A Comment