ডিজিটেল ডেস্কঃ পুনৰবাৰ উজলিল নগাঁৱৰ ভাস্বত শইকীয়া। মঙলবাৰে ঘোষণা কৰা ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউ পি এছ চি) পৰীক্ষাৰ ফল অনুসৰি নগাঁৱৰ ভাস্বত শইকীয়াই পুনৰবাৰ ৪৭৪ সংখ্যক স্থানেৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
উল্লেখযোগ্য যে বিগত ২০২৩ চনৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত মুঠ ১০১৬গৰাকী প্রার্থী উত্তীৰ্ণ হৈছিল। ইপিনে ২০২২ বৰ্ষত তেওঁ ভাৰতীয় বন সেৱাৰ পৰীক্ষাত ৬৮সংখ্যক স্থান লাভ কৰিছিল। আনহাতে, ২০২৩ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাতো নগাঁৱৰ ভাস্বত শইকীয়াই ৫৫২ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। সেই পৰীক্ষাত পোৱা কৃতকাৰ্যৰ বাবে তেওঁ ভাৰতীয় আৰক্ষী সেৱালৈ নির্বাচিত হৈছিল। তেওঁ আই পি এছত যোগদান কৰি এবছৰৰ বাবে ছুটী লৈ এইবাৰ পুনৰ ইউ পি এছ চিৰ বাবে প্রস্তুতি চলাইছিল।
২০১৪ৰ ভাৰতীয় প্রশাসনিক সেৱাৰ পৰীক্ষাত তেওঁ ৪৭৪সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হয়। নগাঁও চহৰৰ সমীপৱৰ্তী ডিফলুৰ বীৰেন্দ্ৰ নাথ শইকীয়া আৰু দিব্যজ্যোতি শইকীয়াৰ পুত্ৰ ভাস্বত শইকীয়াই এই সাফল্য অৰ্জন কৰাৰ পাছতে জিলাখনত আনন্দৰ জোৱাৰ বৈছে। উল্লেখযোগ্য যে ভাৰতীয় প্রশাসনিক সেৱা, ভাৰতীয় বৈদেশিক সেৱা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া বাছনি কৰিবলৈ ইউ পি এছ চিয়ে তিনিটা পর্যায়ত বার্ষিক পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। ভাস্বত শইকীয়াই নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ কৰি পাছত আই আই টিৰ স্নাতক হয়। এবাৰ আই এফ এছ আৰু ধাৰাবাহিকভাৱে দুবাৰকৈ ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীর্ণ হোৱা মেধাৱী ছাত্ৰ নগাঁৱৰ ভাস্বত শইকীয়াই কালি নিজৰ তাৎক্ষণিক প্রতিক্রিয়া প্রকাশ কৰি সাংবাদিকৰ আগত কয়, 'যোৱাবাৰতকৈ অলপ ভাল হৈছে। বাকী আই এ এছ পাবলৈ চাগে আৰু অলপ থাকি গ'ল। ভিতৰৰ পৰা যদি ইচ্ছা শক্তি পাওঁ, আকৌ এবাৰ চাগে চেষ্টা চলাম, আই এ এছ পাবলৈ। তৃতীয়বাৰলৈ চেষ্টা কৰিম।' ভাস্বত শইকীয়াই আৰু কয়, 'যোৱাবাৰ ৫৫৪ সংখ্যক স্থান লাভ কৰিছিলোঁ। এইবাৰ ৪৭৪। একো নাই। এটা ছিষ্টেমত যদি কাম কৰা যায়, মোটামুটি সফলতা উজু হয়। ইমান জটিল নহয়। কোনোবাই যদি ইউ পি এছ চি দিবলৈ মন কৰিছে দিব পাৰে। এইটো দিব পৰা পৰীক্ষা। সফলতা লাভ কৰিব পৰা যায়। মই তেওঁলোকক ইউ পি এছ চি দিবলৈ আহ্বান জনাম।' ভৱিষ্যৎ পৰিকল্পনাৰ সন্দর্ভত শইকীয়াই কয়, 'যোৱাবাৰ আই পি এছ পোৱাৰ পাছত আই পি এছত যোগদান কৰি মই এবছৰৰ ছুটীত আছোঁ। আকৌ চাগে যাব লাগিব যোগদান কৰিবলৈ। এইবাৰ মই কেৱল আই এ এছক অগ্রাধিকাৰ দিছিলোঁ। ছির্ভিছ এল'গেশ্যন নহ'বও পাৰে। যদি আই এ এছৰ ৰেংকৰ ভিতৰত নহয়, পুৰণা মতে চালে দেখা যায় চাঞ্চ কম আছে।' ইউ পি এছ চি পৰীক্ষাত পুত্ৰৰ ধাৰাবাহিক সফলতাত উৎফুল্লিত ভাস্বত শইকীয়াৰ মাতৃ দিব্যজ্যোতি শইকীয়াই কয়, 'ভাল লাগিছে। ইউ পি এছ চিত অসমৰ কোনোবাই স্থান পালেই ভাল লাগে। এইবাৰ ভাস্বতই আই এ এছ নাপালে, পুনৰ আই পি এছতে যোগদান কৰিব।' ইপিনে ভাস্বত শইকীয়াৰ পিতৃ বীৰেন্দ্ৰ নাথ শইকীয়াই কয়, 'ভাল লাগিছে। এবাৰ আই এফ এছ আৰু দুবাৰকৈ ধাৰাবাহিকভাৱে সফলতা লাভ কৰিছে ভাস্বতই। আমি গর্বিত।'
উৎসঃ দৈনিক জনমভূমি
Leave A Comment