ডিজিটেল ডেস্ক: অসমত বাল্যবিবাহৰ সমস্যাৰ অন্ত পেলাবলৈ দীৰ্ঘদিন ধৰি প্ৰশাসনে প্ৰচেষ্টা অব্যাহত ৰাখিছে। শেহতীয়াকৈ অসমত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছে৷ ইয়াৰ পূৰ্বেও ৰাজ্যজুৰি দুটাকৈ অভিযান চলাইছিল আৰক্ষীয়ে। অসমৰ বিভিন্ন প্ৰান্তত তৃতীয়বাৰৰ বাবে এই অভিযান চলায় আৰক্ষীয়ে। শনিবাৰে এই অভিযানত আৰক্ষীয়ে ৩৩৫টা গোচৰ পঞ্জীয়ন কৰে আৰু ৪১৬ জন লোকক গ্ৰেপ্তাৰ কৰে। দেওবাৰে তেওঁলোকক আদালতত হাজিৰ কৰোৱা হয়।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ ফেব্ৰুৱাৰী আৰু অক্টোবৰ মাহত অসমত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাইছ্ল। আৰক্ষীৰ এই অভিযানত ৩ হাজাৰ ৪৮৩ জন লোক গ্ৰেপ্তাৰ কৰা হৈছিল। ৪ হাজাৰ ৫১৫টা গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰ আঠ মাহৰ পাছত অক্টোবৰ মাহত পুনৰ আৰক্ষীয়ে বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। আৰু এই অভিযানত ৭১০টা গোচৰ পঞ্জীয়ন কৰা হৈছিল আৰু ৯৬জন লোকক গ্ৰেপ্তাৰ হয়।
কেন্দ্ৰই ‘বাল্য বিবাহ মুক্ত ভাৰত’ সৃষ্টিৰ বাবে গ্ৰহণ কৰা পদক্ষেপ হিচাপে মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়েও এক কাৰ্যসূচী আৰম্ভ কৰিছিল। বাল্যবিবাহৰ ঘটনাক প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিবলৈ এটা পৰ্টেলও মুকলি কৰা হৈছে। কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে কয় যে গড়ে দেশৰ প্ৰতি পাঁচগৰাকী ছোৱালীৰ ভিতৰত এগৰাকীয়ে ১৮ বছৰ বয়সৰ আগতেই বিবাহপাশত আবদ্ধ হয়। অৱশ্যে বাল্যবিবাহৰ হাৰ পূৰ্বতকৈ অধিক নিয়ন্ত্ৰণলৈ আহিছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। কেন্দ্ৰৰ পৰিসংখ্যা অনুসৰি ২০১৫-১৬ চনত বাল্য বিবাহৰ হাৰ আছিল ২৬.৮ শতাংশ। ২০১৯-২১ চনত এই হাৰ ২৩.৩ শতাংশলৈ হ্ৰাস পাই। কেন্দ্ৰচৰকাৰে ২০২৯ চনৰ ভিতৰত ইয়াক পাঁচ শতাংশৰ তললৈ নমাই অনাৰ লক্ষ্য লৈছে।
Leave A Comment