ডিজিটেল ডেস্কঃ পূৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীৰে আৰম্ভ তিনিদিনীয়া বিহু সন্মিলন ৷ উদযাপন সমিতিৰ সভাপতি দুলু আৰনধৰাই উত্তোলন কৰে পতাকা আৰু স্মৃতি তৰ্পন শুভাৰম্ভ কৰে সম্পাদক প্ৰতীম নেওগে ৷
অনুষ্ঠানত ডুমডুমাৰ বিভিন্ন দল-সংগঠন, সাহিত্য-সংস্কৃতি অনুষ্ঠানৰ নেতৃত্ব আৰু অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে ৷আবেলি বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা সমুহ অনুষ্ঠিত হ'ব ৷
মঙ্গলবাৰে ডুমডুমাৰ সকলো জাতি-জনগোষ্ঠীৰ সমাহাৰৰে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব ৷ সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী জুবিলী বৰুৱাক আমন্ত্ৰণ জনোৱা বুলি উদ্যোগতা সমিতিয়ে জানিবলৈ দিছে ৷ ৰাজহুৱা ৰঙালী বিহুৰ সকলো কাৰ্য্যসূচীত ৰাইজৰ উপস্থিতি কামণা কৰিছে উদ্যোগতা সমিতিয়ে ৷
Leave A Comment