ডিজিটেল ডেস্ক : বৃহত্তৰ চাবুৱা অঞ্চলত অব্যাহত আছে অপৰিশোধিত খাৰুৱা তেলৰ ৰমৰমীয়া চোৰাং ব্যৱসায়। চাবুৱাত তেনে চোৰাং ব্যৱসায়ৰ তথ্য পোহৰলৈ আহিছে। কিছু অসাধু ব্যৱসায়ীয়ে এনে অপৰাধজনিত কামত জড়িত হোৱা ঘটনাই অঞ্চলটোত এক চাঞ্চল্যৰ বিৰাজ কৰিছে ।
বিন্ধাকটা আৰক্ষী চকীৰ অন্তৰ্গত বালিজান পুখুৰীজানত চাহ বাগিচাৰ অন্তঃ ভাগত শ শ লিটাৰৰ অপৰিশোধিত খাৰুৱা তেল অবৈধভাৱে উলিয়াই নিয়া ঘটনা ধৰা পেলাবলৈ সক্ষম হৈছে আৰক্ষী আৰু অইল নিৰাপত্তাৰক্ষী। চাবুৱাৰ পুখুৰীজানত বৃহৎ পৰিমানৰ খাৰুৱা তেল পাইপৰ পৰা চুৰি কৰাৰ তথ্যৰ ভিত্তিত অভিযান চলাই চুৰে বিশেষ পদ্ধতিৰে পাইপৰ পৰা ফুটা কৰি তেল চুৰি কাৰ্যত ব্যৱহাৰ কৰা প্ৰায় ২০০০ মিটাৰ পাইপ উদ্ধাৰ কৰিছে আৰক্ষী আৰু অইল নিৰাপত্তাৰক্ষীয়ে৷
তদুপৰি প্ৰায় ১৫০০ লিটাৰ কনদেনচেট অইল জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী আৰু অইল নিৰাপত্তৰক্ষী। আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে এজন ব্যক্তিক আটক কৰাৰ লগতে আন দুজন ব্যক্তি পলাতক হৈ আছে। আটক কৰা ব্যক্তিজনৰ নাম পানীতোলাৰ বৰুৱাহোলা গাঁৱৰ ৰণজিৎ বৰা। বুবু আৰু জান্টুক আটক কৰিবলৈ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।
Leave A Comment