ডিজিটেল ডেস্কঃ জিলা স্বাস্থ্য সমিতি ডিব্ৰুগড়ৰ উদ্যোগত আজি চৌকিডিঙ্গীস্থিত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্রত সপ্তম জন ঔষধি দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা।
উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনাৰ অধীনত স্থাপন হোৱা এই জন ঔষধি কেন্দ্রসমূহত সৰ্বসাধাৰণ ৰাইজে কম মূল্যত জেনেৰিক ঔষধ ক্ৰয় কৰিব পাৰে। জন ঔষধি কেন্দ্রত উপলব্ধ ঔষধৰ গুণগত মানদণ্ড বজাৰত উপলব্ধ আন ঔষধৰ দৰেই। এই কেন্দ্রসমূহত ডায়বেটিক, গেছ, উচ্চ ৰক্তচাপকে আদি কৰি প্ৰায় ১৮০০ বিভিন্ন প্ৰকাৰৰ ঔষধ তথা চেনিটেৰী নেপকিন, মাক্সকে আদি কৰি ২৮৫ টা চাৰ্জিকেল সামগ্ৰী উপলব্ধ হয়।
আজিৰ অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ, অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) সংঘমিত্ৰা বৰুৱা, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ তৃষ্ণা বৰা, সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, প্ৰমুখ্যে প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্রৰ উপভোক্তাসকল, অন্যান্য বিশিষ্ট ব্যক্তি, স্থানীয় ৰাইজ আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।
Leave A Comment