ডিজিটেল ডেস্কঃ ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মৰিগাঁও জিলাৰ দুখলগা ফলাফলৰ পৰ্যালোচনা সভাত স্কুল প্ৰধানক জবাব দিহি কৰিলে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। বহু কেইখন বিদ্যালয়ৰ ফলাফল শূণ্যতে থাকিল মৰিগাঁৱত।
সমগ্ৰ অসমৰ একাংশ বিদ্যালয়ৰ লগতে মৰিগাঁও জিলাতো গুনোৎসৱত A গ্ৰেড , A + গ্ৰেড লাভ কৰাৰ প্ৰতিযোগিতাত নামা একাংশ বিদ্যালয়ৰ প্ৰকৃত গ্ৰেডৰ স্বৰূপ উদঙালে ২০২৫ ৰ হাইস্কুল পৰীক্ষাৰ ফলাফলে। জিলা খনৰ ফলাফল শেষৰ পৰা ৪ নং স্হানলৈ অৱনমিত।
২০২৫ ৰ ফলাফলৰ পাছতে মূখ্যমন্ত্ৰীয়ে জিলা আয়ুক্ত সকলক জবাবদিহি কৰি জিলাই জিলাই বেয়া ফল দেখুওৱা বিদ্যালয় সমূহৰ এনে ফলৰ কাৰণ উদ্ঘাটনৰ দায়িত্ব দিয়াৰ পাছতে আজি জিলা খনৰ বিদ্যালয় প্ৰধান সকলক লৈ জিলা শিক্ষা বিষয়াৰ সৈতে মৰিগাঁও পবিতৰা হাটত পৰ্যালোচনা সভা অনুষ্ঠিত কৰে ।
সভাত আয়ুক্তই তুলাধুনা দিলে একাংশ শিক্ষকক। নাম উল্লেখ নকৰাকৈয়ে আয়ুক্ত গৰাকীৰ সকিয়নী - চৰকাৰৰ দৰমহা খাই শিক্ষকৰ বিভিন্ন সংগঠনৰ দায়িত্ব লৈ বা বিভিন্ন সামাজিক কামত জড়িত হৈ ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰিব নালাগে। হয় শিক্ষকতা কৰক, নহয় সামাজিক দায়িত্ব লৈ দল সংগঠনৰ কাম কৰক। মৰিগাঁও, মৈৰাবাৰী, লাহৰীঘাট আদি অঞ্চলৰ বহু শিক্ষক স্কুলৰ সময়ত বজাৰত বহি থকাৰ খবৰ আয়ুক্তৰ হাতত থকা বুলি দাবী কৰি এজাৰণ ভালকৈ দিলে আয়ুক্ত দেৱাশীষ শৰ্মাই।
বহু কেইখন বিদ্যালয় ২০২৫ বৰ্ষৰ ফলাফলত শূণ্যতে কিয় থাকিব লগা হ'ল তাৰো উত্তৰ বিছাৰিলে এখন এখনকৈ তেনে বিদ্যালয়ৰ। আয়ুক্ত গৰাকীৰ কঠোৰ নিৰ্দেশ এনেদৰে নচলিব। কিন্তু কাৰ দোষৰ বাবে মৰিগাঁও জিলা ২০২৫ ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শেষৰ ফালৰ পৰা চতুৰ্থ স্থানতে সীমাবদ্ধ থাকিল। গুনোৎসৱৰ ফলাফলৰ তুলনাত কিয় ইমান বেয়া ফল প্ৰদৰ্শন কৰিলে বিদ্যালয় সমূহে। গুনোৎসৱৰ জৰিয়তে প্ৰকৃততে শিক্ষা বিভাগে বিদ্যালয় সমূহক চমক সৃষ্টিৰ বাবেহে সুবিধা প্ৰদান কৰিছে নেকি ।
Leave A Comment