ডিজিটেল ডেস্কঃ ফেচবুকত ভুৱা পৰিচয়েৰে একাউন্ট খুলি সমালোচনামূলক সাহিত্য ক্ষেত্রখনত কম সময়ৰ ভিতৰতে চাঞ্চল্যৰ সৃষ্টি কৰা ড° পৰিধি শৰ্মাৰ পৰিচয় উদ্ধাৰ হৈছে।
অসমৰ সাহিত্য জগতত যোৱা ৬ টা বছৰে দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা বুলি ভুৱা পৰিচয়ৰে লিখি অহা ড° পৰিধি শৰ্মাৰ পৰিচয় ফাদিল ৷ সকলো ফাদিল কৰিলে অভিযোগকাৰী পলাশ ৰঞ্জন বৰুৱাই ৷
ড৹ পৰিধি শৰ্মাই একে সময়তে ড° ৰঞ্জিতা সামানাতেৰা আৰু ড° পৰিস্মিতা ভৰদ্বাজ বুলিও ভূৱা পৰিচয় দিছিল ৷ড৹ পৰিধি শৰ্মা নামৰ প্ৰকৃততে কোনো মহিলা নাছিল ৷
ধ্ৰুৱজ্যোতি শইকীয়া নামৰ এজন প্ৰৱঞ্চকেহে পৰিধি শৰ্মাৰ নাম লৈ বিভিন্ন বাতৰি কাকতত প্ৰবন্ধ লিখিছিল ৷ পলাশ ৰঞ্জন বৰুৱা নামৰ এগৰাকী ব্যক্তিয়ে কিছুদিন পূৰ্বে বিষয়টোত সন্দেহ ওপজাত চিআইডিত এক গোচৰ ৰুজো কৰে ৷ কিন্তু চিআইডি তদন্তই পোহৰলৈ আনিলে সমস্ত প্ৰৱঞ্চনাৰ ঘটনা ৷ধ্ৰুৱজ্যোতি শইকীয়া শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানা এলেকাৰ ভৰলুৱা গাঁৱত ঘৰ ৷
বাতৰি কাকতলৈ পৰিধি শৰ্মাৰ পঠিওৱা ফটো আছিল কৰ্ণাটকৰ IAS বিষয়া ৰুহিনী সিন্দুৰীৰ ফটো ৷ দুটা ফোন নম্বৰত মহিলাৰ কণ্ঠস্বৰেৰে সম্পাদকৰ পৰা ভিন্ন লেখকলৈ কৰিছিল ফোন৷ আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে প্ৰৱঞ্চক ধ্ৰুৱজ্যোতিৰ প্ৰৱঞ্চনাৰ আন ন ন কাহিনী ৷
Leave A Comment