ডিজিটেল ডেস্ক: জাগীৰোডৰ সৰু মাটিপৰ্বত গাঁৱৰ এজন সাধাৰণ কৃষক প্ৰেমানন্দ বিশ্বাসে ৰাষ্ট্ৰপতি ভৱনৰ পৰা লাভ কৰিছে এখন বিশেষ নিমন্ত্ৰণী পত্ৰ। এই বিশেষ নিমন্ত্ৰণ লাভ কৰি প্ৰেমানন্দৰ লগতে গাঁওখনৰ সকলোৱে আনন্দিত হৈছে।
উল্লেখযোগ্য যে প্ৰেমানন্দ বিশ্বাসে কৃষিকৰ্ম আৰু গো-পালনেৰে নিজৰ পৰিয়ালটো পোহপালন দি আহিছে কৃষকগৰাকীয়ে। ২০২৩-২৪ বৰ্ষত আই আই টি গুৱাহাটীৰ বায়’ গেছ ডেভেলপমেণ্ট এণ্ড ট্ৰেইনিং চেন্টাৰৰ পৰা গোবৰ গেছৰ এটা উদ্যোগ লাভ কৰিছিল৷ এই উদ্যোগৰ জৰিয়তে তেওঁ নিজৰ ঘৰতে গোবৰ পৰা উৎপাদন কৰিছে জৈৱ গেছ আৰু এই গেছ ব্যৱহাৰ কৰি ঘৰৰ সকলো ৰন্ধন কাৰ্য সম্পন্ন কৰি আহিছে। প্ৰকৃতি সংৰক্ষণৰ এই বিশেষ কাৰ্যৰ বাবেই তেওঁ ৰাষ্ট্ৰপতি ভৱনৰ পৰা নিমন্ত্ৰণ লাভ কৰিছে।
আগন্তুক ২০২৫ বৰ্ষৰ ২৬ জানুৱাৰী তাৰিখে অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ তেওঁক বিশেষভাৱে আমন্ত্ৰণ জনাইছে। মৰিগাঁওৰ চাব ডিভিজনৰ অন্তৰ্গত কিলিং ভেলী ডাকঘৰৰ জৰিয়তে অহা এই নিমন্ত্ৰণী পত্ৰ লাভ কৰি প্ৰেমানন্দৰ পৰিয়াল আৰু ওচৰ-চুবুৰীয়াও আনন্দত উৎফুল্লিত হৈ পৰিছে। এই খবৰটোৱে সমগ্ৰ অঞ্চলটোক গৌৰৱান্বিত কৰি তুলিছে।
Leave A Comment