ডিজিটেল ডেস্কঃ প্রাক্তন প্রধানমন্ত্রী তথা আন্তর্জাতিক খ্যাতি সম্পন্ন এগৰাকী প্ৰখ্যাত অৰ্থনীতিবিদ ড° মনমোহন সিঙৰ মৃত্যুত গভীৰ শোক প্রকাশ অজিত কুমাৰ ভূঞাৰ।
তেওঁ কয়, ‘৯০ দশকৰ দেশৰ বিধ্বস্ত অৰ্থনীতিক বিত্তমন্ত্রী আৰু প্রধানমন্ত্ৰী হিচাপে ভাৰসাম্য অৱস্থালৈ ঘূৰাই অনা ড° সিঙৰ মৃত্যু দেশৰ কাৰণে এক বৃহৎ দুখবৰ। তেখেতৰ অৰ্থনৈতিক সংস্কাৰ নীতিক আমি সময়ে সময়ে সমালোচনা কৰিছিলো যদিও পিছলৈ এইটো প্রমাণ হৈছিল যে এই নীতি গ্রহণ কৰাৰ পিছতো তেওঁৰ কিছুমান নিজাববীয়া সিদ্ধান্তৰ কাৰণে দেশৰ মধ্যবিত্ত আৰু শ্রমিকৰ অৱস্থা সামগ্রিক ভাবে বেয়াৰ পিনে ঢাল খোৱা নাছিল। এটা কথা স্বীকাৰ কৰিবই লাগিব যে তেওঁ যৎপৰোনাস্তি দেশৰ জনসাধাৰণৰ হিতৰ কাৰণে চিন্তা কৰিছিল আৰু সেই চিন্তাক পাৰ্যমানে কাৰ্যকৰী কৰিছিল।’
তেওঁ আগলৈ কয়,‘আৰ. টি. আই, এনৰেগা মনমোহন সিঙৰ চিন্তাৰ ফচল আছিল। নৰেন্দ্ৰ মোদীয়ে তেওঁক উপৰ্যুপৰি সমালোচনা কৰিছিল - 'মৌন প্রধানমন্ত্রী' হিচাপে। কিন্তু তেওঁ সময়ত প্রমাণ কৰিছিল যে, কথাতকৈ কামক গুৰুত্ব দিয়াটোহে মূখ্য বিষয় । ২০১৪ চনত নৰেন্দ্ৰ মোদী প্রধানমন্ত্ৰী হোৱাৰ পিছত কেইবাটাও জন বিৰোধী সিদ্ধান্তক তেওঁ স্পষ্টভাবে ভূল বুলি আঙুলিয়াই দিছিল আৰু পিছত এনে ভূলৰ প্রমাণ ৰাইজে পাইছিল। গনতন্ত্রত বিশ্বাসী, সাধাৰণ জীৱন-যাপন আৰু এগৰাকী জনসাধাৰণৰ কল্যাণৰ কথা চিন্তা কৰিব পৰা প্ৰধানমন্ত্ৰী হিচাপে চিৰদিন থাকি যাব ড° সিঙৰ নাম। তেওঁৰ নিজৰ ভাষাতেই কও, History will be kinder to you.. ব্যক্তিগতভাবে সাংবাদিক হিচাপে তিনি বাৰ তেওঁৰ লগত বিদেশ ভ্রমণত একেলগে যোৱা সময়ৰ কথাবোৰো এতিয়া চকুৰ আগত ভাহি উঠিছে!’
Leave A Comment