ডিজিটেল ডেস্ক: বিগতবৰ্ষত গুগল মেপৰ ভুল দিশ নিৰ্দেশনাৰ বাবে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছিল৷ শেহতীয়া কৈ গুগল মেপ ব্যৱহাৰ কৰি বিপদত পৰিছে অসম আৰক্ষীৰ এটা দল৷ গুগল মেপৰ ভুল নিৰ্দেশনাৰ বাবে আৰক্ষীৰ দলটো নাগালেণ্ডত উপস্থিত হয়৷
প্ৰাপ্ত তথ্য অনুসৰি এজন অপৰাধীৰ অনুসন্ধানত যাওঁতে অসম আৰক্ষীৰ এটা দলে গুগল মেপ ব্যৱহাৰ কৰি গৈছিল। গন্ত্ব্য স্থানৰ সলনি আৰক্ষীৰ এটা ১৬জনীয়া দলে অজানিতে গুগল মেপৰ জৰিয়তে নাগালেণ্ডৰ মোককচাং জিলাত উপস্থিত হয়। স্থানীয় লোকসকলে আৰক্ষীৰ দলটোক অপৰাধী বুলি ভাবি তেওঁলোকক বন্দী কৰি ৰাখে। আৰক্ষীৰ অভিযানকাৰী দলটোৰ মাত্ৰ তিনিজনে আৰক্ষীৰ পোছাক পিন্ধিছিল।বাকী বিষয়াকল সাধাৰণ পোছাকত আছিল।
অসম আৰক্ষীৰ সূত্ৰ অনুসৰি, মঙলবাৰে নিশা এই ঘটনা সংঘটিত হৈছিল।ঘটনা ক্ৰম অনুসৰি যোৰহাট জিলাৰ আৰক্ষীৰ এটা দলে এজন অভিযুক্তক আটক কৰিবলৈ অভিযান চলাই থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। গুগল মেপত এখন চাহ বাগিচাৰ এলেকা অসমৰ বুলি প্ৰদৰ্শিত হৈছিল যিখন প্ৰকৃততে নাগালেণ্ডৰ ভিতৰত আছিল।বিভ্ৰান্তিকৰ নিৰ্দেশনাৰ বাবে দলটোৱে অপৰাধীৰ সন্ধানত নাগালেণ্ড সীমান্তত উপস্থিত হোৱা বুলি উল্লেখ কৰে৷ আৰু স্থানীয় লোকসকলৰ আক্ৰমণত এজন বিষয়া আঘাতপ্ৰাপ্ত হোৱা বুলি জানিবলৈ দিছে।
নাগালেণ্ডৰ প্ৰতিকূল পৰিস্থিতিৰ বিষয়ে তথ্য লাভ কৰি যোৰহাট আৰক্ষীয়ে লগে লগে মোককচাং আৰক্ষী অধীক্ষকৰ সৈতে যোগাযোগ কৰে৷ ইয়াৰ পাছতে আৰক্ষীৰ দলটোৱে সকাহ লাভ কৰে৷
Leave A Comment