• অমানৱীয়, গুৱাহাটীত পুনৰ শিশু ধর্ষণৰ ঘটনা

    আঞ্চলিক
    অমানৱীয়, গুৱাহাটীত পুনৰ শিশু ধর্ষণৰ ঘটনা
    ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰী যেন পৰিণত হৈছে অপৰাধ নগৰীলৈ! এইবাৰ মহানগৰীত চাঞ্চল্যকৰ ধর্ষণৰ ঘটনা। দুগৰাকী বন কৰা শিশুক কৰা ধর্ষণৰ ঘটনা পোহৰলৈ আহিছে। এই সংক্ৰান্তত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে দুই মূল অভিযুক্ত পলাতক হৈ আছে। ধৃত অভিযুক্ত দুজন হৈছে ডাঃ ৰাজা দাস আৰু ধীৰেন মজুমদাৰ। 

    উল্লেখ্য যে, মহানগৰীৰ পাঠৰকুঁৱেৰীৰ নীলাচল এপাৰ্টমেণ্টৰ বাসিন্দা ডাঃ ৰাজা দাসৰ ঘৰত অৰুণাচলৰ ৯ বছৰীয়া আৰু ১৫ বছৰীয়া দুটি শিশুৱে ‘বন কৰা’ হিচাপে আছিল। চিকিৎসক ডাঃ ৰাজা দাসৰ পৰিয়ালে বন কৰা শিশু দুটিক অকথ্য নিৰ্যাতন চলাই আহিছিল। চিকিৎসক পৰিয়ালৰ নিৰ্যাতন সহিব নোৱাৰি বন কৰা শিশু দুটিয়ে বিগত শনিবাৰে ঘৰৰ পৰা পলাই আহে। পলাই থকা অৱস্থাত মঠঘৰীয়া উৰণীয়া সেতুৰ তলত দুই আইছক্ৰীম ব্যৱসায়ীয়ে দলবদ্ধভাৱে ধৰ্ষণ কৰে। ইয়াৰ পৰা ওলাই গৈ দুই শিশুৱে নাৰেংগীৰ ফৰেষ্টগেটৰ এখন চাহ দোকানত আশ্ৰয় লয়। চাহৰ দোকানী ধীৰেন মজুমদাৰে কিশোৰীৰ গুপ্তাংগত হাত দিয়ে। কৌশলেৰে কিশোৰী দুগৰাকীয়ে পলাই নাৰেংগীৰ বাবু বস্তিত আশ্ৰয় গ্ৰহণ কৰে। 

    ইপিনে ঘৰৰ গৰাকী ডাঃ ৰাজা দাসে শিশু দুটি সন্ধানহীন হোৱা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সোমবাৰে নাৰেংগীত অভিযান চলাই দুই শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। শিশু দুটি উদ্ধাৰৰ পাছতে দলবদ্ধ ধর্ষণৰ ঘটনা পোহৰলৈ আহে। এই সংক্ৰান্তত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অভিযুক্ত ধীৰেন মজুমদাৰক নাৰেংগীৰ পৰা গ্ৰেপ্তাৰ কৰে। ইপিনে পলাতক মূল অভিযুক্ত দুই আইচক্ৰীম বেপাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই। আনহাতে বন কৰা কিশোৰ দুটিক নিৰ্যাতন চলোৱাৰ অভিযোগত চিকিৎসক ডাঃ ৰাজা দাসক আৰক্ষীয়ে ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে।