গুৱাহাটী : হুগলি ক’চিন শিপয়াৰদ লিমিটেড(HCSL)ৰ সৈতে IWAIৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে৷
এতিয়াৰে পৰা HCSL ৰ সহযোগত পাণ্ডু জাহাজ বন্দৰত হ’ব জাহাজ মেৰামতি কাম৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাহাজ পৰিবহণ আৰু বন্দৰ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী দায়িত্ব লোৱাৰ পাছতে জাহাজ বন্দৰ ক্ষেত্ৰত এই সংযোজন ঘটে৷
এই অনুস্থানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ কুইন ওজা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীসহ বহুকেইজন অতিথি৷ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে আজি অসমৰ বাবে ঐতিহাসিক দিন বুলি উল্লেখ কৰে৷ অসমত প্ৰথমবাৰৰ বাবে অসমত ড্ৰাই ডকৰ ব্যৱস্থা কৰা হৈছে৷ ৭৫ লাখ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা এই প্ৰকল্পৰ কাম ২০২৩ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব৷
পূৰ্বে জাহাজ মেৰামতিৰ বাবে নিব লগা হৈছিল কলকতালৈ৷ নিয়োগ, বাণিজ্যৰ তৰফৰ পৰা সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চল উপকৃত হ’ব৷ মুখ্যমন্ত্ৰী শৰ্মাক প্ৰশংসাৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ভাষণৰ আৰম্ভণি কৰে৷ কৰ্মদক্ষ আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷ প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূবক গুৰুত্ব দিয়াৰ বাবেই এইবাৰ মোদী কেবিনেটত উত্তৰ পূৰ্বাঞ্চলৰ ৫ গৰাকী মন্ত্ৰীক স্থান দিলে বুলি কয় মন্ত্ৰী সোণোৱালে৷ কংগ্ৰেছ চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে অসমৰ জলপথৰ উন্নয়ন নহ’ল আৰু বিশ্ব বজাৰৰ পৰা বঞ্চিত হৈ ৰ’ল বুলিও লগতে কয়৷
জাহাজ ডক নিৰ্মাণকাৰী দলক স্থানীয় ৰাইজক সহায়ৰৰ আহ্বান জনায়৷ মুখ্যমন্ত্ৰী শৰ্মাক ১০০ দিনত সফলভাৱে চৰকাৰ চলোৱাৰ বাবে বিশেষভাৱে ধন্যবাদ দিয়ে সোণোৱালে৷ ভৱিষ্যতে ব্ৰক্ষ্মপুত্ৰৰ লগতে অসমৰ সকলো উপ নদীক আশীৰ্বাদ কৰি গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালৰ৷
নুমলীগড় শোধনাগাৰ ৩ গুণ ডাঙৰ হ’ব৷ তাৰ সকলো যন্ত্ৰপাতি নদী পথেৰে আহিব৷ সোনোৱালে দায়িত্ব লোৱাৰ পাছতে গুৰুত্ব দিছে ব্ৰক্ষ্মপুত্ৰৰ আৰু সীতাগঙৰ মাজত জলপথ সুচল কৰাৰ৷
Leave A Comment