• HNLCৰ প্ৰাক্তন নেতাৰ মৃত্যুক লৈ উত্তাল শ্বিলং : মেঘালয়ৰ গৃহমন্ত্ৰী পদত্যাগ

    আঞ্চলিক
    HNLCৰ প্ৰাক্তন নেতাৰ মৃত্যুক লৈ উত্তাল শ্বিলং : মেঘালয়ৰ গৃহমন্ত্ৰী পদত্যাগ

    শ্বিলং : HNLCৰ প্ৰাক্তন নেতাৰ মৃত্যুক লৈ উত্তাল শ্বিলং৷ মুখ্যমন্ত্ৰীৰ গৃহলৈ পেট্ৰ’ল বোমা নিক্ষেপ কৰা হয়৷ অশান্ত পৰিস্থিতিৰ বাবে মেঘালয়ৰ গৃহমন্ত্ৰী লাহকমেন ৰিম্বুই পদত্যাগ কৰে৷ দেওবাৰে অশান্ত শ্বিলঙত সান্ধ্য আইন জাৰি৷ উল্লেখ্য যে, HNLCৰ প্ৰাক্তন নেতাৰ ভুৱা এনকাউণ্টাৰত মৃত্যু হয়৷  





    আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ প্ৰতিবাদত জ্বলিছে শ্বিলং৷ দেওবাৰে আৰক্ষীৰ বাহনলৈ শিল নিক্ষেপ কৰে দুৰ্বৃত্তই৷ মাউলাই বাইপাছৰ আৰক্ষীচকীৰ ক্ষতিসাধন কৰে দুৰ্বৃত্তই৷ শিল নিক্ষেপৰ ঘটনাত ক্ষতিগ্ৰস্ত কেইবাখনো বাহন৷ 





    ইতিমধ্যে অসমীয়াক মেঘালয় ত্যাগৰ নিৰ্দেশ প্ৰদান কৰিছে৷ মেঘালয়ৰ ৪খন জিলাত ম’বাইল, ইণ্টাৰনেট নিষিদ্ধ কৰে প্ৰশাসনে৷ বৰ্তমানেও শ্বিলঙত উত্তেজনাপূৰ্ণ পৰিৱেশ বিৰাজমান৷