• হঠাতে অসম কেনেকৈ অস্থিৰ হৈ পৰিল? আৰক্ষীৰ অজ্ঞাতে অসমত কেনেকৈ সোমাল অল-কায়দা

    আঞ্চলিক
    হঠাতে অসম কেনেকৈ অস্থিৰ হৈ পৰিল? আৰক্ষীৰ অজ্ঞাতে অসমত কেনেকৈ সোমাল অল-কায়দা

    ডিজিটেল ডেস্ক : এটা বিশেষ ঘটনাই
    অস্থিৰ কৰি পেলাইছে ৰাজ্য
      ৰাজনীতি। ঘটনাকেইটাই
    এই কথাও পাদপ্ৰদীপলৈ আনিছে অসমৰ সাম্প্ৰতিক অৱস্থা কিমান ভয়ানক হৈ পৰিছে। সমান্তৰালভাৱে
    এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যত আৰম্ভ হৈছে হিংসা আৰু ঘৃণা বিয়পোৱাৰ ৰাজনীতি। দুৰ্ভাগ্যজানক
    কথাটো হ’ল যে হঠাতে ৰাজ্যখনত আৰম্ভ হোৱা ঘৃণাৰ ৰাজনীতিয়ে উন্নয়নত বিৰূপ প্ৰভাৱ পেলোৱাৰ
    সম্ভাৱনা অধিক। উল্লেখযোগ্য যে ২১ মে’ত নগাঁৱৰ বটদ্ৰৱাত ঘটা এটা ঘটনাই দেশজুৰি চাঞ্চল্যৰ
    সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো গুৰুত্বসহকাৰে প্ৰকশ পাইছে এই ঘটনা। ছফিকুল
    ইছলাম নামৰ পোনা মাছৰ ব্যৱসায়ী এগৰাকীক আৰক্ষীয়ে আটক কৰিছিল। ছফিকুলক কি কাৰণে আৰক্ষীয়ে
    আটক কৰিছিল, সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কেৱল জানিব পৰা গৈছে যে ছফিকুল ইছলাম
    নামৰ পোনা মাছৰ ব্যৱসায়ীগৰাকীক বটদ্ৰৱা থানাৰ আৰক্ষীয়ে আটক কৰি এটা হাঁহ আৰু ১০ হাজাৰ
    টকা দিব পৰা নাছিল।



     ছফিকুল পৰিয়ালৰ তৰফৰ পৰা অভিযোগ
    কৰা মতে ১০ হাজাৰ টকা নিদিয়াৰ বাবে আৰক্ষীয়ে ছফিকুলক আটক কৰি থানালৈ লৈ আহে। থানাত
    ছফিকুলক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ ফলত মৃত্যু হয়। কিন্তু আৰক্ষীৰ মতে সুৰাপান কৰি পথত
    পৰি থকা ছফিকুলক আৰক্ষীয়ে থানালৈ আনিছিল। শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত চিকিৎসালয়লৈ নিয়াৰ
    পাছত ছফিকুলৰ মৃত্যু হয়। ছফিকুলৰ মৃত্যুৰ পাছতে তেওঁৰ পত্নী আৰু পৰিয়ালৰ লোকে উন্মাদ
    হৈ বটদ্ৰৱা থানা আক্ৰমণ কৰ। আক্ৰমণ কৰাই নহয়, বটদ্ৰৱা থানাত অগ্নিসংযোগ কৰাত থানাখন
    প্ৰায় ভস্মীভূত হয়।



     আৰক্ষীয়ে হাঁহ আৰু ১০ হাজাৰ টকা
    বিচৰা, ধন নাপাই ব্যক্তিক থানালৈ আনি মৰিয়াই মৰিয়াই হত্যা কৰাৰ যি অভিযোগ পৰিয়ালে দিছে,
    এয়া নিতান্তই গুৰুত্বপূৰ্ণ। কিন্তু ইয়াৰ বাবে কোনো লোকে আইন হাতত তুলি চৰকাৰী সম্পদ
    ধ্বংস কৰা কাৰ্য কোনোপধ্যে সমৰ্থনযোগ্য নহয়। এইক্ষেত্ৰত চৰকাৰে আইন অনুসৰি ঘোচ বিচৰা
    আৰক্ষী আৰু আইন হাতত তুলি লৈ আৰক্ষীক প্ৰহাৰ কৰা, থানা জ্বলাই দিয়াসকলৰ বিৰুদ্ধে কঠোৰৰ
    পৰা কঠোৰতম শাস্তি বিহাৰ দাবী উঠিছে।



     বটদ্ৰৱাৰ আৰক্ষী আৰু উন্মত্ত জনতা
    জড়িত হোৱা দুয়োটা ঘটনা সভ্য সমাজৰ বাবে লজ্জাজনক। এটা সভ্যতা গঢ়ি উঠাত দুয়োটা
      ঘটনা প্ৰাচীৰ হিচাপে পৰিগণিত হৈছে। এই দুয়োটা ঘটনাই
    অসমক পৃথিৱীবাসীৰ সন্মুখত লজ্জানত কৰিছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে এতিয়াও অসম আৰক্ষীত
    হাঁহলৈকে ঘোচ বিচৰা পুলিচৰ অভাৱ ঘটা নাই। আৰক্ষীত ব্যাপক সংস্কাৰৰ বিষয়টো খুব সঘনে
    চৰ্চিত হৈ আহিছে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুঁজিৰো যোগান ধৰিছে। আৰক্ষীত সংস্কাৰ
    মানে পুৰণি অস্ত্ৰ-শস্ত্ৰৰ সলনি আধুনিক অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰাটোকে নুবুজায়। সামগ্ৰিকভাৱে
    আৰক্ষীত সংস্কাৰৰ অৰ্থ হ’ল, আৰক্ষী সন্দৰ্ভত জনসাধাৰণৰ মাজত যি ভাবমূৰ্তি ইমানদিনে
    গঢ় লৈছিল, সেই ভাবমূৰ্তি সলনি কৰা। বটদ্ৰৱাৰ ঘটনাক লৈ এটা মহলে হিংসা আৰু ঘৃণাৰ ৰাজনীতি
    আৰম্ভ কৰিছে। ইয়াৰ বিপৰীতে সামাজিক মাধ্যমত সচেতন যুৱক-যুৱতীসকলে মন্তব্য কৰিছে যে
    এতিয়াও থানাত গোচৰ দিবলৈ যোৱা লোকসকল গৰিষ্ঠসংখ্যক আৰক্ষীৰ বাবে একোগৰাকী গ্ৰাহক। সামাজিক
    মাধ্যমত এই অভিযোগো উত্থাপিত হৈছে যে খোদ গুৱাহাটীতে ধনৰ বিনিময়ত থানাৰ পৰা ধনীৰ দুলালসকলে
    ৰেহাই পোৱাৰ উদাহৰণ আছে।



     কিয় এতিয়াও হাঁহ আৰু ধন বিচৰা আৰক্ষী
    আছে, এই বিষয়টো চৰকাৰৰ গৃহ বিভাগে গুৰুত্বসহকাৰে গ্ৰহণ কৰা উচিত। সমান্তৰালভাৱে অসম
    আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই মন্তব্য কৰিছে যে বটদ্ৰৱাৰ থানা জ্বলোৱাৰ
    সৈতে জেহাদী জড়িত হৈ আছে বুলি তেওঁ মন্তব্য নকৰে। কিন্তু বটদ্ৰৱাৰ থানা জ্বলোৱা তথা
    গণউন্মদনাৰ সৃষ্টি কৰি ৰাজহুৱা সম্পত্তি ধ্বংস কৰাসকলৰ মাজত অল-কায়দাৰ এটা শাখা আনচাৰুল
    বাংলা টীমৰ সদস্য আছে। এইটো এটা অতি ভয়ংকৰ অভিযোগ। যি সময়ত দিছপুৰত এখন নিৰ্বাচিত চৰকাৰ
    আছে, সেই সময়ত আৰক্ষীৰ অজ্ঞাতে কিদৰে মধ্য অসমত অল-কায়দাই শিপা মেলিছে? এই প্ৰশ্ন আজি
    অসমক ভালপোৱা সকলো লোকে একেমুখে কৰিছে।



    অল-কায়দাৰ শাখা হিচাপে পৰিচিত আনচাৰুল
    বাংলা টীমৰ সদস্য নগাঁও, মৰিগাঁও জিলা সক্ৰিয় হৈ থকাৰ তথ্য বটদ্ৰৱা থানা জ্বলোৱাৰ পাছতহে
    পোহৰলৈ আহিবলৈ পালে নেকি? অসম তথা ভাৰতীয় সমাজ জীৱনৰ শত্ৰু হিচাপে পৰিচিত অল-কায়দাই
    কিদৰে মধ্য আৰু নামনি অসমত শাখা খুলিব পাৰিছে? এইবোৰ শক্তিৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভণিৰে
    পৰা কঠোৰ হোৱা উচিত আছিল। আজি এইবোৰে বটদ্ৰৱা থানা জ্বলাইছে, কাইলৈ গুৱাহাটী তথা অসমৰ
    বিভিন্ন প্ৰান্তত সম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ ধৰ্মীয় উপসনাস্থলীত আক্ৰমণ যে
    নকৰিব তাৰ কি মানে আছে?



     বটদ্ৰৱাৰ ঘটনাটোৱে আৰক্ষীত সংস্কাৰৰ
    কথা নতুনকৈ শিকাই গ’ল। কেৱল অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত কৰিলে নহয়, আৰক্ষীক জনগণৰ বন্ধু
    হিচাপে গঢ়ি তোলাৰ লগতে আৰক্ষীক ৰাইজে তেওঁলোকৰ বিপদৰ বন্ধু হিচাপে গ্ৰহণ কৰিবলৈ শিকিব
    লাগিব। জনসাধাৰণ আৰক্ষীৰ বাবে যাতে একোজন গ্ৰাহক নহয়, সেই ধাৰণা ৰাইজৰ মাজত স্বতস্ফূৰ্তভাৱে
    জন্ম হ’ব লাগিব। যদি এই ধাৰণা জনসাধাৰণৰ মাজত গঢ় লোৱা নাই, তেনেহ’লে এয়া আৰক্ষী তথা
    চৰকাৰৰ ব্যৰ্থতা।



     শেহতীয়াকৈ ভাৰতবৰ্ষৰ কেতবোৰ স্থানত
    বিশেষকৈ উত্তৰ ভাৰতত ধৰ্মীয় মেৰুকৰণ আৰু হিংসা, ঘৃণাৰ ৰাজনীতি বিয়পোৱা কিছুমান লোকে
    আইন হাতত তুলি মানুহক শাস্তি দিয়া দেখিবলৈ পোৱা যায়। এই শাস্তি গণপ্ৰহাৰৰ পৰ্যায়লৈ
    গৈ থিতাতে একোজন মানুহৰ জীৱন লোৱাৰ বহু কাহিনী সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অসমলৈকো
    বিয়পিছে গণউন্মাদনা তথা গণপ্ৰহাৰৰ দৰে ঘটনা। কেতবোৰ লোকে নিজে সিদ্ধান্ত লৈ থিতাতে
    একোজন মানুহৰ জীৱন কাঢ়ি লোৱাৰ দৰে ঘটনা এতিয়া অসমত সুলভ হৈ পৰিছে। ইয়াৰ বিৰুদ্ধে জনসাধাৰণৰ
    মাজত সজাগতা আৰম্ভ কৰিব লাগিব।



     আন এক প্ৰৱণতা কেতবোৰ লোকৰ মাজত
    দেখিবলৈ পোৱা গৈছে। সেয়া হৈছে আইন-আদালতক একাষৰীয়া কৰি কেতবোৰ বিষয়াই নিজাকৈ সিদ্ধান্ত
    লৈ আইন হিচাপে ইয়াক মানিবলৈ বাধ্য কৰে।
      উত্তৰ
    প্ৰদেশত বুলড’জাৰক লৈ যিবোৰ কৰ্মকাণ্ড চলি আছে, ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত প্ৰাক্তন
    সাংসদ তথা ৰাজনীতিক বৃন্দা কাৰাটে, উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণ
    আদিয়ে গোচৰ তৰিছে। বুলড’জাৰক ভাবুকি আৰু দমনৰ এক প্ৰতীক হিচাপে উত্তৰ ভাৰতৰ কেইখনমান
    চৰকাৰে গ্ৰহণ কৰিছে। চৰকাৰে কাৰোবাক দোষী হিচাপে গণ্য কৰি তেওঁলোকৰ ঘৰ-দুৱাৰ বুলড’জাৰৰ
    দ্বাৰা নিমষতে ভাঙি পেলায়। আইন-আদালতৰ নিৰ্দেশলৈ এই চৰকাবোৰে অপেক্ষা নকৰে।



     অসমতো এই সংস্কৃতিৰ আমদানি হৈছে।
    আইন-আদালতলৈ অপেক্ষা নকৰি ঘৰ-দুৱাৰ ধ্বংস কৰি দিবলৈ বুলড’জাৰ ব্যৱহাৰক কেন্দ্ৰ কৰি
    সৃষ্টি হৈছে বিতৰ্কৰ। পৰিৱেশ আৰু পৰিস্থিতি এনেকুৱা কৰি পেলোৱা হৈছে যে সমাজখন মেৰুকৰণৰ
    দ্বাৰা অস্থিৰ হৈ পৰিছে। কেতবোৰ লোকে মুকলিকৈয়ে ধৰ্মৰ নাম লৈ সাম্প্ৰদায়িক বিষবাষ্প
    বিয়পাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে। ফলত অৰ্থনৈতিকভাৱে বিধ্বস্ত হৈ পৰা অসমৰ দৰে ৰাজ্য
    এখনে উন্নয়নৰ জখলাত বগাই ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ এখন হোৱাৰ বাটত কিমানদূৰ আগবাঢ়িব
    পাৰিব, সেয়া চিন্তনীয় হৈ পৰিছে।