• বিজেপিৰ বিৰুদ্ধে কিমান আক্ৰমণাত্মক কংগ্ৰেছৰ তিনি সাংসদ?

    আঞ্চলিক
    বিজেপিৰ বিৰুদ্ধে কিমান আক্ৰমণাত্মক কংগ্ৰেছৰ তিনি সাংসদ?

    ডিজিটেল ডেস্ক : অসমত কংগ্ৰেছ সঁচাকৈয়ে
    বিপৰ্যৰ মাজলৈ গতি কৰিছে। কংগ্ৰেছৰ এই বিপৰ্যয়ৰ বাবে বিজেপি নহয়, দলৰ নেতাসকলহে জগৰীয়া।
    বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে কেতবোৰ সৰু-সুৰা প্ৰসংগ টানি আনি দলটোৰ নেতাসকলৰ মনোবল
    ভাঙি দিয়াৰ চেষ্টা চলাই আহিছে। এয়া বিজেপিৰ ৰাজনৈতিক কৌশল। বিজেপিৰ এই কৌশলৰ বিৰু্দ্ধে
    কংগ্ৰেছ যিমান আক্ৰমণাত্মক হ’ব লাগিছিল, সিমান হ’ব পৰা নাই। অসমৰ আজিৰ দুৰ্যোগৰ বাবে
    বিজেপিয়ে কংগ্ৰেছক দোষাৰোপ কৰে। অথচ কংগ্ৰেছীয়ে দাবী কৰি আহিছে দিছপুৰত বৰ্তমান বিজেপি
    নহয়, প্ৰাক্তন কংগ্ৰেছীৰ চৰকাৰ চলি আছে। উল্লেখ্যযোগ্য যে ২০১৬ৰ পাছত অসমত কংগ্ৰেছে
    নিৰ্বাচনত বিশেষ সফলতা অৰ্জন কৰিব পৰা নাই। কিন্তু ২০১৬ৰ তুলনাত ২০২১ত কংগ্ৰেছে বিধানসভা
    নিৰ্বাচনত তিনিখন আসন বেছিকৈ লাভ কৰিছিল। বিজেপিয়ে যিদৰে কথাবোৰ কয়, বাস্তৱত সেয়া প্ৰতিফলিত
    হোৱা নাই। ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে এককভাৱে চৰকাৰ গঠন কৰিব পৰাকৈ আসন পোৱা
    নাছিল।



     ২০২১ৰ বিধানসভা নিবাচনত বিজেপিয়ে
    ৬০খন আসন লাভ কৰিছিল। অকলে চৰকাৰ গঠন কৰিবৰ বাবে বিজেপিক ৬৪খন আসনৰ প্রয়োজন। এতিয়াও
    অসম বিধানসভাত বিজেপি একক বৃহত্তম দল যদিও অকলে চৰকাৰ গঠন কৰিব পৰাকৈ বিধায়ক নাই। কংগ্ৰেছৰ
    পৰা দুজন আৰু এআইইউডিএফৰ পৰা এজন বিধায়ক অনাৰ পাছত বিজেপিৰ বিধায়কৰ সংখ্যা ৬৩জন হৈছেগৈ।



     পৌৰসভা, পৌৰ নিগম আৰু স্বায়ত্ত
    পৰিষদৰ নিৰ্বাচনত বিজেপি জয়ী হোৱাটো আচলতে ডাঙৰ কথা নহয়। এই নিৰ্বাচনবোৰত মুখ্যমন্ত্ৰী
    হৈ থকা অৱস্থাত তৰুণ গগৈয়ে প্ৰচাৰ চলোৱাই নাছিল। এই নিৰ্বাচনবোৰত এনেয়ে শাসক দলেই
    জয়লাভ কৰে। অসমত 
    কংগ্ৰেছৰ মনোবল ভাঙিবৰ বাবেই শাসক
    দল হিচাপে বিজেপিয়ে, যি ধৰণে আক্ৰমণ কৰে, সেয়া স্বাভাৱিক। ইয়াৰ বিপৰীতে কংগ্ৰেছে
    প্রত্যুত্তৰ দিব পৰাটোৰ ওপৰত তেওঁলোকৰ ৰাজনৈতিক পাৰদৰ্শিতা নিৰ্ভৰ কৰিছে। প্রসংগক্ৰমে
    উল্লেখ কৰিব পাৰি যে অসমত কংগ্ৰেছৰ বাবে বিজেপি নহয়, নিজ দলৰ নেতাসকল অধিক জগৰীয়া।
    ক্ষমতাৰ বাবে এইসকল নেতাই নিজৰ মাজতে অধিক সময় যুঁজ-বাগৰত ব্যস্ত হৈ থাকে। মুখ্যমন্ত্ৰী
    হিমন্ত বিশ্ব শৰ্মাই 
    এসময়ত কংগ্ৰেছত আৰু এতিয়া বিজেপিত
    যিদৰে সময় ব্যয় কৰিছে, সেইদৰে কংগ্ৰেছৰ বাবে শ্ৰম কৰা নেতাৰ অভাৱ।



     এইক্ষেত্ৰত কংগ্ৰেছৰ তিনিগৰাকী
    সাংসদৰ নামেই উল্লেখ কৰিব পাৰি। প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক আৰু গৌৰৱ গগৈয়ে ৰাজীৱ
    ভৱনত দেখাই নিদিয়ে বুলি অভিযোগ আছে। আলহীৰ দৰে মাজে-সময়ে ৰাজীৱ ভৱনলৈ আহে কংগ্ৰেছৰ
    এই তিনিগৰাকী সাংসদ। দল কেনেকৈ চলিছে, কাৰ্যালয় কেনেকৈ চলিছে, কাৰ্যালয় কৰ্মচাৰীসকলৰ
    মনৰ অৱস্থা কেনে, এই দিশবোৰ চাই ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কংগ্ৰছেত নেতাৰ অভাৱ।



     আটাইতকৈ ডাঙৰ কথাটো হ’ল, বিজেপিয়ে
    কৰ্মীতকৈ কংগ্ৰেছৰ নেতাসকলৰ মনোবল সহজে ভাঙিব পাৰিছে আনকি দুই-এজন শীৰ্ষস্থানীয় নেতাই
    বিজেপিৰ সৈতে সুসম্পৰ্ক ৰঙা কৰি চলিবলৈ আগ্ৰহী। এনেকুৱা নেতাৰ দ্বাৰা কংগ্ৰেছে কিদৰে
    বিজেপিৰ বিৰুদ্ধে যুঁদ দিব, সেয়া লক্ষণীয়। কংগ্ৰেছৰ কোন নেতাই বিজেপিৰ সৈতে সম্পৰ্ক
    ৰক্ষা কৰি চলিছে, সেইবোৰ কথা ৰাজীৱ ভৱনতকৈ বাজপেয়ী ভৱনত অধিক চৰ্চিত।



     কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ
    নিৰ্বাচনত কংগ্ৰেছ ব্যৰ্থ হৈছে। এয়া স্বাভাৱিক। ইয়াৰ সুযোগ পৰিষদীয় নিৰ্বাচনত শাসক
    দল জয়ী হোৱাৰ দেধাৰ উদাহৰণ আছে। এই বিষয়বোৰক লৈ বিজেপি নেতাসকলে কংগ্ৰছেক সমালোচনা
    কৰাটো স্বাভাৱিক যদিও কংগ্ৰেছে আঁৰৰ কথাবোৰ দলীয় কৰ্মীৰ লগতে সাধাৰণ নাগৰিকৰ মাজলৈ
    নিব পাৰিব লাগিব। কংগ্ৰেছ নেতাসকলৰ মাজত অৰিয়াঅৰিয়েই দলটোৰ উত্থানত প্ৰধান বাধা। প্ৰদেশ
    কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এইক্ষেত্ৰত নেতাসকলক ঐক্যবদ্ধ কৰি আগবঢ়াই নিয়াৰ চেষ্টা
    চলালেও কিমানদূৰ সফল হৈছে, সেয়া আলোচ্য বিষয়। বিজেপিৰ যিসকল নেতাই কংগ্ৰেছক অধিক সমালোচনা
    কৰি আহিছে, তেওঁলোক আটাইবোৰ প্ৰাক্তন কংগ্ৰেছী। চৰকাৰত থকা অৱস্থাত কংগ্ৰেছ দলটো বদনামী
    কৰাত এইসকলৰ অৱদান আটাইতকৈ 
    বেছি।



     অসমত কংগ্ৰেছক বিপৰ্যয়ৰ পৰা ৰক্ষা
    কৰিবলৈ বাহিৰৰ কোনো শক্তিয়ে সহায় কৰিব নোৱাৰে। কংগ্ৰেছ শক্তিশালী হ’ব লাগিব ভিতৰৰ পৰা।
    এতিয়া ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে নেতৃত্ব এৰিলেই ৰাষ্ট্ৰীয় স্তৰত কংগ্ৰেছ শক্তিশালী
    হৈ উঠিব। তাৰ প্ৰভাৱ স্বাভাৱিকতে অসমতো পৰিব।