ডিজিটেল ডেস্কঃ ৰঙালী বিহুৰ আনন্দ উলাহৰ মাজতে চানমাৰিৰ পূব গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত চৰম দুৰ্ভাগ্যজনক ঘটনা। পূৱ গুৱাহাটীৰ বিহু মঞ্চত চৰম অপমান কন্ঠশিল্পী দিগন্ত ভাৰতীক ৷ আয়োজকে মঞ্চলৈ গীত পৰিৱেশন কৰিবলৈ মাতি গামোচাৰে সম্বৰ্ধনা জনাই অপমান কন্ঠশিল্পী গৰাকীক ৷
জিন্স পিন্ধি মঞ্চত উঠাৰ বাবেই হাতৰ মাইক্ৰফোন কাঢ়ি লৈ মঞ্চৰ পৰা টানি লৈ যোৱাৰ অভিযোগ ৷
শিল্পী দিগন্ত ভাৰতীক মঞ্চৰ পৰা জোৰকৈ নমাই আনিলে বিহু উদযাপন সমিতিৰ বিষয়ববীয়াই। পূব গুৱাহাটী বিহু সন্মিলনৰ সমিতিৰ বিষয়ববীয়া সীমান্ত ঠাকুৰীয়াই সুৰামত্ত অৱস্থাত অপমান কৰাৰ অভিযোগ শিল্পী দিগন্ত ভাৰতীক।
উল্লেখ্য যে বুধবাৰে পূব গুৱাহাটী বিহু সন্মিলনত অনুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্ৰিত আছিল জনপ্ৰিয় কণ্ঠশিল্পী ভাস্বতী ভাৰতী। কণ্ঠশিল্পী তথা পত্নীৰ অনুষ্ঠান চাবলৈ দৰ্শকৰ আসনত বহি আছিল দিগন্ত ভাৰতী।
কিন্তু সেই সময়তে পূব গুৱাহাটী বিহু সন্মিলন সমিতিৰ একাংশ বিষয়ববীয়াই কণ্ঠশিল্পীগৰাকীক জোৰ কৰি মঞ্চত গীত গাবলৈ আমন্ত্ৰণ জনাইছিল। বহুবাৰ মঞ্চত গীত পৰিৱেশন নকৰো বুলি কোৱাৰ পাছতো মঞ্চলৈ মাতি নিছিল শিল্পী দিগন্ত ভাৰতীক।
মঞ্চত উঠাৰ পিছত পূব গুৱাহাটী বিহু সন্মিলনৰ সমিতিৰ বিষয়ববীয়াই সম্বৰ্ধনাও জনাছিল শিল্পীগৰাকীক। ৰাইজ আৰু উপস্থিত সমিতি বিষয়ববীয়াৰ অনুৰোধত এটি গীতো গুণগুণাইছিল শিল্পী দিগন্ত ভাৰতীয়ে। কিন্তু অনুষ্ঠান চলি থকাৰ মাজতে মঞ্চত আবিৰ্ভাৱ হ’ল সীমান্ত ঠাকুৰীয়াসহ আন দুজন বিষয়ববীয়া। গীত গাই থকাৰ অৱস্থাতে দিগন্ত ভাৰতীৰ পৰা কাঢ়ি ল’লে মাইক্ৰ’ফোন।
সমিতিৰ বিষয়ববীয়াৰ মতে ধুতি নিপিন্ধাকৈ মঞ্চত উঠাৰ বাবেই হেনো এই অপমান। তাৰ পিছতে টনা-আঁজোৰা কৰি মঞ্চৰ পৰা নমাই লৈ অনা হ’ল শিল্পী দিগন্ত ভাৰতীক।
সীমান্ত ঠাকুৰীয়াসহ পূব গুৱাহাটী বিহু সন্মিলনৰ একাংশ বিষয়ববীয়াই সুৰাপান কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে কণ্ঠশিল্পী ভাস্বতী ভাৰতীয়ে।
উল্লেখ্য যে অনিচ্ছাস্বত্বেও গীত গাই সুৰামত্ত বিষয়ববীয়াৰ ৰোষত ৰাজ্যৰ বিশিষ্ট শিল্পী দিগন্ত ভাৰতী। আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ ফলত আধাতে বন্ধ হ’ল চান্দমাৰীৰ সংগীতানুষ্ঠান।
Leave A Comment