ডিজিটেল ডেস্কঃ চানমাৰি পূৱ গুৱাহাটী বিহু মঞ্চই শিল্পী দিগন্ত ভাৰতীক অপমান কৰা সন্দৰ্ভত কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া। নলবাৰীৰ বিহু অনুষ্ঠানত অংশ গ্ৰহণ কৰি মন্তব্য প্ৰদান কৰে জুবিনে।
জুবিন গাৰ্গে কয়, "মই বেছি একো নকও। ক'লে গালি দিয়া যাব। শিল্পীৰ সৈতে এনে হ'ব নালাগে। তেওঁক মঞ্চলৈ মাতি নি চানমাৰি পূৱ গুৱাহাটী বিহু মঞ্চই অপমান কৰিছে । মই কাকো অনুৰোধ নকৰোঁ। মই আদেশ দিছো, যিয়ে দিগন্ত ভাৰতীক অপমান কৰিছে তেওঁ ক্ষমা খুজিব লাগিব"।
উল্লেখ্য যে, বুধবাৰে দিগন্ত ভাৰতীৰ সৈতে সংঘটিত হৈছিল অপমানজনিত ঘটনা। পত্নীৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ তেওঁ চানমাৰিৰ পূৱ গুৱাহাটী বিহুৰ অনুষ্ঠানলৈ গৈছিল।দৰ্শকৰ আসনত বহি থকা শিল্পীগৰাকীক আয়োজক সমিতিয়ে গান গাবলৈ আহ্বান জনাইছিল। সমিতিৰ আহ্বান মৰ্মে তেওঁ মঞ্চত উঠিছিল। জিন্স পিন্ধি মঞ্চত উঠাৰ বাবেই হাতৰ মাইক্ৰফোন কাঢ়ি লৈ মঞ্চৰ পৰা টানি লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷
অনিচ্ছাস্বত্বেও গীত গাই সুৰামত্ত বিষয়ববীয়াৰ ৰোষত ৰাজ্যৰ বিশিষ্ট শিল্পীগৰাকী ৷শিল্পী দিগন্ত ভাৰতী, তেওঁৰ পত্নীৰ লগতে বিভিন্ন শিল্পীয়ে তেওঁক ক্ষমা খুজিবলৈ দাবী জনাইছে। ইয়াৰ মাজতে হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গে দিগন্ত ভাৰতীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
Leave A Comment