• IPL-ৰ বাবে ১০০০কোটি টকাৰ ক্ষতিপূৰণ দিব লাগিব BCCI-এ

    আঞ্চলিক
    IPL-ৰ বাবে ১০০০কোটি টকাৰ ক্ষতিপূৰণ দিব লাগিব BCCI-এ

    নতুন দিল্লীঃ কভিড-১৯ৰ দ্ৰুত সংক্ৰমণৰ বাবে স্থগিত ৰখা হৈছে চলিত বৰ্ষৰ আইপিএল।এনে সময়তে উচ্চতম ন্যায়লয়ত দ্বাৰস্ত গৈছে এগৰাকী অধিবক্তা।আবেদন অনু্যায়ী,BCCI-এ ১০০০কোটি টকাৰ ক্ষতিপূৰণ দিব লাগিব।আবেদন খনৰ যোগেদি সদৰি কৰা গৈছে যে-‘কৰ‘না মহামাৰীৰ সময়ত আইপিএল-ৰ পৰা আয় হোৱা ধনৰাশিৰে চিকিৎসা আৰু অক্সিজেন সৰবৰাহৰ বাবে BCCI-এ ১০০০কোটি টকাৰ ক্ষতিপূৰণ দিব লাগিব।





    আৰু পঢ়িব পাৰিব : লকডাউনৰ দেশেই আগবাঢ়িছে দেশ! পুনৰ কোনে জনালে দাবী?





    এই আবেদনখন প্ৰক্ষেপ কৰি অধিবক্তা বন্দনা শ্বাহে আদালতত সদৰি কৰিছে যে,BCCI-এ তেওঁলোকৰ ভুলৰ বাবে নিঃচৰ্ত ক্ষমা বিচৰাৰ লগতে বিচিচিআই-য়ে শ্মশানৰ ব্যৱস্থা কৰা উচিত|কাৰণ,কৰ'নাৰ বাবে এতিয়া মৃতদেহৰ সংখ্যা বৃদ্ধি পাইছে |





    আৰু পঢ়িব পাৰিব : ক’ভিড সংক্ৰমণ, অনাকাংক্ষিত অভিলেখ ডিব্ৰুগড় জিলাৰ





    ছানৰাইজাৰ্ছ হায়দৰাবাদৰ উইকেট কিপাৰ ঋদ্ধিমান শ্বাহা আৰু দিল্লীৰ স্পিনাৰ অমিত মিশ্ৰৰ দেহত ক'ভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পাছতে খেল বাতিলৰ সিদ্ধান্ত লৈছিল আইপিএল কৰ্তৃপক্ষই|BCCI-এ আইপিএল স্থগিত ৰখাৰ পাছত এক বিবৃত যোগে সদৰি কৰিছে যে,‘আমি খেলুৱৈ,কৰ্মকৰ্তা আৰু অন্যান্য অংশগ্ৰহণ কাৰীৰ সুৰক্ষাৰ বাবে কোনো আপোচ কৰা নাই|সকলোৰে নিৰাপত্তা তথা স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ল'বলৈ আমি বাধ্য|‘
    বোম্বে হাইকোৰ্টত আজি অধিবক্তা বন্দনা শ্বাহৰ আবেদনৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি জানিবলৈ পোৱা গৈছে |