• ISROৰ গৱেষণা কেন্দ্ৰত উজলিছে অসমকন্যা নাজনীন ইয়াছমিন

    আঞ্চলিক
    ISROৰ গৱেষণা কেন্দ্ৰত উজলিছে অসমকন্যা নাজনীন ইয়াছমিন

    ডিজিটেল ডেস্কঃ পুনৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী মেধাৱী ছাত্ৰীয়ে। ‘ISRO’ৰ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ কৰে এগৰাকী অসমকন্যাই। নগাঁৱৰ জুৰিয়া মাহেৰীপাৰ গাঁৱৰ নাজনীন ইয়াছমিনে কঢ়িয়াই আনিছে এই স্বীকৃতি।





    নগাঁও জিলাৰ জুৰিয়াৰ ‘কদমনি টাউন হাইস্কুল’ৰ শিক্ষক দম্পতী আবুল কালাম আজাদ আৰু মঞ্জিলা বেগমৰ কন্যা নাজনীন ইয়াছমিন। নাজনীনৰ এই সফলতাত গৌৰৱাম্বিত পিতৃ-মাতৃ, পৰিয়ালৰ লগতে নগাঁওবাসী।





    এই স্বীকৃতিৰ বাবে নাজনীনক বহুজনে অভিনন্দন জ্ঞাপন কৰাৰ লগতে বিভিন্ন দল-সংগঠনে সম্বৰ্ধনা জনায়|