ডিজিটেল ডেস্ক: অলপতে উমৰাংছুৰ কয়লা খনিত দুৰ্ঘটনাত পতিত হৈ বহুকেইগৰাকী শ্ৰমিক আবদ্ধ হৈ পৰিছিল৷ আবদ্ধ হৈ পৰা শ্ৰমিক সকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে৷ ইতিমধ্যে উদ্ধাৰকাৰী দলে কেইবাজনো শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ এই ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি সৰৱ হৈ পৰিছে বিভিন্ন দল সংগঠন৷
অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সংবাদমেল সম্বোধন কৰি চৰকাৰ বিৰুদ্ধে সৰৱ হৈ পৰে সাধাৰণ সম্পাদক জগদীশ ভূঞা৷ উমৰাংছুত কয়লা খননৰ নামত প্ৰায় দুই হাজাৰ কোটি টকাৰ কেলেংকাৰি হৈছে বুলি দাবী উত্থাপন কৰিছে। আৰু দিছপুৰৰ পৃষ্ঠপোষকতাতে উমৰাংছুত আজিও ৬০-৭০ টা অবৈধ কয়লা খনি চলি আছে বুলিও দাবী কৰে।
অসমত কেৱল চাৰিটা কয়লা ক্ষেত্ৰত কোল ইন্ডিয়াই কয়লা খনন কৰে। লিডু কলিয়ৰি, বৰগোলাই কলিয়ৰি, টিকক কলিয়ৰি, টিপং কলিয়ৰিত। আৰু কোল ইন্ডিয়াৰ বাহিৰে অসমত কয়লা খননৰ কৰ্তৃত্ব কাৰো নাই তৎস্বত্তেও নীতিবৰ্হিভূতভাবে অসম খনিজ উন্নয়ন নিগমে অসমত কয়লাৰ খনন তথা সৰবৰাহ কৰি থকা বুলিও দাবী উত্থাপন কৰে। ৰে’লৱেৰ যোগদি এইসমূহ কয়লাৰ সৰবৰাহ চলি আছে বুলি উল্লেখ কৰে।
কাৰ্বি আংলঙৰ অবৈধ কয়লা, উমৰাংছ'ৰ কয়লাৰ লগত মিহলাই বহি:ৰাজ্যলৈ সৰবৰাহ কৰা হৈছে। সঁচাকৈয়ে যদি অবৈধ কয়লা খনন চৰকাৰে বন্ধ কৰিব বিচাৰিছে তেন্তে ডিমা হাচাও, মাৰ্ঘেৰিটা আদি স্থানৰ অবৈধ খনিসমূহ শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনাইছে আজাপে। আৰু দলটোৱে কয়লাৰ ক'লা টকাৰে গণতন্ত্ৰক পৰিচালনা কৰিবলৈ লোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে।
ইফালে উমৰাংছুৰ ঘটনা সন্দৰ্ভত কঠোৰ সমালোচনা সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সচিব মনোজ চৌহানৰো৷ মুখ্যমন্ত্ৰীৰ সহমতত এই অবৈধ মাইনিং চলি আছে বুলি দাবী উত্থাপন কৰি এই ঘটনাৰ বাবে চৰকাৰ দায়বদ্ধ বুলি উল্লেখ কৰে আৰু চৰকাৰে অবৈধ কয়লা খনন বন্ধ নকৰিলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়িতোলা হ’ব বুলি উল্লেখ কৰে৷
Leave A Comment