• টীয়কৰ এজন ব্যতিক্ৰমী চিন্তাধাৰাৰ দৰা ; ঐতিহ্য, পৰম্পৰা আৰু সংস্কৃতি অটুট ৰাখিবলৈ দুৰ্বাহ হেঁপাহ

    আঞ্চলিক
    টীয়কৰ এজন ব্যতিক্ৰমী চিন্তাধাৰাৰ দৰা ; ঐতিহ্য, পৰম্পৰা আৰু সংস্কৃতি অটুট ৰাখিবলৈ দুৰ্বাহ হেঁপাহ
    ডিজিটেল ডেস্কঃ বিবাহ হৈছে সমাজৰ এক পুৰাতন পৰম্পৰা ৷ অসমৰ এই বিবাহৰ আছে বহু স্বকীয়তা কিন্তু সময় বাগৰাৰ লগে লগেই অসমৰ তাহানিৰ সেই বিবাহ পৰম্পৰাই যেন ৰং সলাই ৰূপ ললে আধুনিকতাৰ ৷ 

    আজিৰ সময়ত পুষ্প সজ্জিত বিলাসী বাহনত দৰা যোৱাৰ পৰম্পৰা গঢ়িল আৰু ইয়াৰ লগে লগেই হেৰাই গ’ল যেন তাহানিৰ বহু পৰম্পৰা ৷  এইযে তাহানিতে হাতীত দৰাই কইনা আনিচিল, কইনা আনিবলৈ যোৱাৰ বাটত যে দৰাক আগছি ধৰি বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰিছিল এইবোৰ ছবি যেন আজি হেৰাই গ’ল পৰিবৰ্তনৰ ধামখুমীয়াত ৷
        
    এইসমূহ স্বকীয়তা সামৰি আয়োজিত টীয়কৰ এজন যুৱকৰ এখন বিবাহে দৃষ্টি কাঢ়িছে আজি সকলোৰে ৷টীয়কৰ তাহানিৰ পৰম্পৰা সামৰি অনুষ্ঠিত কৰিছে নিজৰ বিবাহ৷ টীয়ক পৰ্বতীয়া গাঁৱৰ এইজন যুৱকে কয় যে ঐতিহ্য,পৰম্পৰা আৰু সংস্কৃতি 
    আমাৰ স্বাভিমান ৷ কাৰন ইয়াত সুন্দৰতা থাকে ৷সুন্দৰতাৰ ৰূপান্তৰহে জগতখন সুন্দৰ কৰি ৰাখে ৷

    বৰ্তমান হাতীলৈ কইনা আনিবলৈ যোৱা দৃশ্য সকলোৰে আকৰ্ষনৰ কেন্দ্ৰ হৈ পৰিছে ৷ বিশেষকৈ অসমৰ এই বিবাহে অসমীয়া পৰম্পৰালৈ যি পৰিবৰ্তন আনিছে সেই পৰিবৰ্তনৰ মাজতে নতুন চামৰ মাজত পৌৰাণিক প্ৰথাটো চিনাকি কৰি দিয়াৰ বাবে লোৱা এই প্ৰচেষ্টাক আদৰনি জনাইছে ৰাইজে ৷

    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinejudi baccarat onlinesabung ayam onlinecasino onlinesabung ayam online livezeus slotslotsitus slotlive casino onlinesv388scatter hitamsabung ayam onlineagen casino online