ডিজিটেল ডেস্ক: দেশী-বিদেশী পৰ্যটকৰ বাবে অন্যতম পছন্দৰ পৰ্যটনক্ষেত্ৰ হৈছে অসম৷ অসমৰ বিভিন্ন প্ৰান্তত থকা পৰ্যটনস্থলী সমূহত ডিচেম্বৰ মাহৰ পৰাই দেশী-বিদেশী পৰ্যটকে ভীৰ কৰেহি৷ বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ সীমামূৰীয়া এই গাঁওখন এতিয়া পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছে।
এই গাঁওখনৰ পৰাই উপভোগ কৰিব পাৰি কাজিৰঙাৰ সৌন্দৰ্য, সেউজীয়া শোভা। সেয়েহে গাঁওখনৰ পৰা কাজিৰঙা বিনামূলীয়াকৈ দৰ্শনৰ বাবে ভিৰ কৰে বহুলোকে। গাঁওখনৰ নিচেই সমীপতে দেখা যায় জাকে জাকে পহু,বনৰীয়া ম'হ, গঁড়, হাতীৰ লগতে বহু দেশী বিদেশী পৰিভ্ৰমী চৰাই।লগতে সৌভাগ্যবান কোনোৱে গাঁওখনৰ পৰা কেতিয়াবা বনৰজাৰো দৰ্শন লাভ কৰিব পাৰে। গাঁওখনৰ গৰু, ছাগলীৰ সন্ধানত প্ৰায়েই অভিযান চলাই বনৰজাই।গাঁওখনত দিন দুপৰতে বনৰজাৰ দৰ্শনো ইতিমধ্যে বহুতৰে হৈছে। সেয়েহে এতিয়া গাঁওখনলৈ ভীৰ বাহিছে পৰ্যটকৰ।
গাওঁখনৰ সহজ সৰল গঞাই দীৰ্ঘদিনে একপ্ৰকাৰ সহাৱস্থান কৰিছে কাজিৰঙাৰ বন্যজীৱৰ সৈতে।নিশা গঁড়, হাতীৰ,বনৰীয়া ম'হ, বাঘ গাঁওখনলৈ প্ৰৱেশ কৰে যদিও সহাৱস্থানৰ কৌশল আয়ত্ত কৰি লৈছে গাঁওখনৰ লোকসকলে। পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে গাঁওখনে। BIGFIVE ভিলেজ নামৰ কাজিৰঙাৰ এই গাওঁখন এতিয়া পৰ্যটকৰ বাবে হৈ পৰিছে উৎসুকতাৰ কেন্দ্ৰ।
Leave A Comment