ডিজিটেল ডেস্ক: অসমৰ এগৰাকী অন্যতম সফল তথা দক্ষ ৰাজনৈতিক নেতা,ক্ৰীড়া সংগঠক, সাহিত্যিক, সাংবাদিক প্ৰয়াত অঞ্জন দত্তদেৱৰ আদৰ্শৰাজি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ মানসেৰে গঠিত "দ্য অঞ্জন দত্ত ফাউণ্ডেশ্যন"-এ এইবাৰ ২০২৩-২৪ শৈক্ষিক বৰ্ষৰ বাবে,উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৯ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক প্ৰয়াত অঞ্জন দত্ত সোঁৱৰণী শৈক্ষিক বৃত্তি প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই বৃত্তি লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক অহা ২৭ নৱেম্বৰ ২০২৪ তাৰিখে শিৱসাগৰৰ যুৱদৌলত অনুষ্ঠিতব্য এক বিশেষ অনুষ্ঠানত বৃত্তিসমূহ প্ৰদান কৰা হব। উক্ত বৃত্তি প্ৰদান অনুষ্ঠানৰ লগতে শিৱসাগৰ প্ৰেছ ক্লাবৰ উদ্যোগত তথা "দ্য অঞ্জন দত্ত ফাউণ্ডেশ্যন"ৰ সহযোগত অনুষ্ঠিত কৰি অহা "প্ৰয়াত অঞ্জলী দত্ত সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা" খনো এইবেলি একেলগে অনুষ্ঠিত কৰা হ’ব বুলি সদৰি কৰিছে। ২০২৩-২৪ শৈক্ষিক বৰ্ষৰ বাবে প্ৰয়াত অঞ্জন দত্ত সোঁৱৰণী
শৈক্ষিক বৃত্তি প্ৰাপক সকল হৈছে -
মল্লিকা গগৈ- ৯৩%-ন-কটানি,কোঁৱৰপুৰ;কাব্যশ্ৰী বৰা- ৯২.৮%-গোৱাল গাঁও, দিখৌমুখ; অভিনৱ হাতীকাকতি- ৯২%-মেটেকা পথাৰ, জয়সাগৰ; দেৱাশীষ কলিতা-৯১.৪%-ৰূপহীমুখ, গৌৰীসাগৰ; দেৱিকা ইয়েন-৯১.৪%-ঠেকেৰাতল, গৌৰীসাগৰ; চয়নিকা শইকীয়া-৯১.২%-অভয়পুৰীয়া গাঁও, দেওৰজা; অবিনাশ কলিতা-৮৮.২%-দুলিয়া গাঁও, গৌৰীসাগৰ; তৃষ্ণা গগৈ- ৮৮%-মানটনিয়া আদৰ্শ গাঁও, দেওৰজা; কংকনা চুতীয়া-৮৭.৮%-চুতীয়া গাঁও, বানমুখ; পংখী আচৰ্য্য- ৮৭.৮%-মাজগাওঁ মেটেকা; নিকুমনি শইকীয়া-৮৭%-মৌচাল, হাফলুটিং; ৰশ্মি কাকতি-৮৬.৫%- খেমদৈ কাকতি গাঁও,দিকচু; চেমচন শইকীয়া-৮৬.৪%-দেওধাই গাঁও- মৰাবজাৰ; হিমাদ্রী বৰা- ৮৬.৪%-কৈজান গাওঁ, ন-কটনি; জুমন বৰুৱা-৮৬%-দিচিয়াল গাওঁ, ঢুলিয়াপাৰ; প্ৰাপ্তি কলিতা-৮৫.৪%- উদয়পুৰ গাওঁ, দিখৌমুখ; কাবেৰী নেওগ-৮৫.২%-নামতিয়াল গাওঁ, বৰুৱাপুখুৰী; তুলিকা নেওগ- ৮৫%-জাপিসজিয়া, কালুগাওঁ; লক্ষ্যজ্যোতি বৰুৱা-৮৫%- দেওঘৰীয়া গাঁও, দিখৌমুখ
উল্লেখ্য যে "বিমুদ্ৰাকৰণ আৰু ভাৰতীয় অৰ্থনীতিত ইয়াৰ প্ৰভাৱ" শীৰ্ষক প্ৰয়াত অঞ্জন দত্ত সোঁৱৰণী বক্তৃতা অনুষ্ঠানৰ আয়োজন। উক্ত অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিছিল ভাৰতৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি. চিদাম্বৰমদেৱে। প্ৰয়াত অঞ্জন দত্ত দেৱৰ আধৰুৱা আত্মজীৱনী "এৰি অহা দিনবোৰ" প্ৰকাশ। কৰ'না মহামাৰীৰ সময়ত অনলাইন যোগে "Tales of Struggle and Strength" শীৰ্ষক এক মানসিক স্বাস্থ্য সজাগতা শিবিৰৰ আয়োজন।আৰু অসম চৰকাৰৰ সহযোগত গোৱালপাৰা, ধুবুৰী, কামৰূপ মহানগৰ, যোৰহাট আৰু শিসাগৰ জিলাত সৰ্বমুঠ ৩৩ টা মানসিক স্বাস্থ্য শিবিৰ সফলতাৰে আয়োজন কৰাকে ধৰি বিগত সময়ছোৱাত "দ্য অঞ্জন দত্ত ফাউণ্ডেশ্যন"-এ বিভিন্ন ধৰণৰ সামাজিক কাম-কাজ কৰি আহিছে।
Leave A Comment