Regional
Five constituencies are the focus of attention: Dibrugarh, Jorhat, Kaziranga, Sonitpur, and Lakhimpur.
ডিজিটেল ডেস্ক : এবাৰ সংখ্যা ৯য়ে
৮ক জোৰকৈ চৰ মাৰিলে, তেতিয়া ৮য়ে কান্দিব ধৰিলে আৰু সুধিলে মোক কিয় চৰ মাৰিলা? ৯য়ে
ক’লে -মই যে তোতকৈ ডাঙৰ সেয়ে চৰ মাৰিলো! সেই কথাখিনি শুনাৰ লগে লগে ৮ সংখ্যাটোৱে ৭ক
মাৰিলে আৰু ৯য়ে কোৱা কথাখিনি কলে! এনেকৈয়ে...
৭ সংখ্যাটোৱে ৬ক, ৬য়ে ৫ক, ৫য়ে
৪ক, ৪য়ে ৩ক,৩য়ে ২ক আৰু ২য়ে ১ক চৰ মৰা প্ৰক্ৰিয়াটো চলি গ'ল! এতিয়া ১ সংখ্যাটোৱে
কাক চৰ মাৰিব! ১ৰ তলতটো ০হে আছিল! কিন্তু ১এ তাক চৰ মৰা নাছিল মাথোঁ মৰমেৰে উঠাই লৈ
তাৰ কাষত বহুৱাই ল’লে আৰু যেতিয়াই বহাই ল’লে তেতিয়াই তাৰ শক্তি ১০ হৈ পৰিল আৰু ৯ৰ
অৱস্থা বেয়া হৈ গ'ল।
জীৱনত কোনোবাৰ সংগই যথেষ্ট! কান্ধত
কাৰোবাৰ হাতখনেই যথেষ্ট! দূৰত থাকক বা কাষত (ওচৰত) একো প্ৰভাৱ নপৰে! মূল্যৱান আৰু সঁচা
সম্পৰ্কৰ মাথোঁ অনুভৱেই যথেষ্ট। কেতিয়াও কাৰোৱেই অসহায় আৰু দুৰ্বলতাক লৈ নাহাঁহিব,
কিয়নো কোনেও অসহায় বা দুৰ্বলতাক কিনি লৈ নাহে! সময়ৰ মাৰক (সোতক) ভয় কৰক কিয়নো
বেয়া সময়ে কেতিয়াও কাকো কৈ নাহে।
মগজু (বুদ্ধি ) যিমানেই চোকা নহওঁক
কিয় ভাগ্য অবিহনে জিকিব নোৱাৰে! বীৰবল বহুত বুদ্ধিমান আছিল যদিও কেতিয়াও বাদশ্বাহ
হ’ব নোৱাৰিলে। আপুনি নিজেই নিজক কেতিয়াও সাবটি ধৰিব নোৱাৰে আৰু কেতিয়াও নিজৰ কান্ধত
মূৰটো থৈ কান্দিব নোৱাৰে! ইজনে-সিজনৰ কাৰণে জীয়াই থকাৰ নামটোৱেই জীৱন।
সেয়ে সময় তেওঁক দিয়ক যিয়ে আপোনাক
হৃদয়েৰে বিচাৰে। সম্পৰ্ক টকা-পইচাৰ বান্ধোন নহয়, কিয়নো কিছুমান সম্পৰ্কই লাভাংশ
নিদিয়ে কিন্তু জীৱন নিশ্চয়কৈ চহকী কৰি তোলে।
আপুনি চাইকেল চলাওঁক বা বাইক চলাওঁক
বা বি এম ডব্লিউ কাৰ চলাওঁক ৰাস্তাটো একেটাই থাকিব। আপুনি ৪-জি মোবাইলৰ পৰা জিঅ' ছিমেৰে
কল কৰক বা ন’কিয়া ১১০০ মোবাইলেৰে কল কৰক কথাখিনিটো একেই শুনিব। সকলোবোৰ একেই কিন্তু
সকলোৰে পদ্ধতিবোৰ সম্পূৰ্ণ বেলেগ বেলেগ হৈ পৰিছে।
Leave A Comment