ডিজিটেল ডেস্কঃ কলিয়াবৰত নিউজিলেণ্ডৰ ২৫ জনীয়া পৰ্যটকৰ দল । এম ভি মহাবাহু জাহাজৰে যোৰহাটৰ পৰা ব্ৰহ্মপুত্ৰৰে ভটিয়াই আহি শিলঘাটত উপস্থিত হোৱা বিদেশী পৰ্যটকৰ দলটোৱে হাটবৰত উপভোগ কৰে বিহু অনুষ্ঠান।
কান্ধত ঢোল লৈ বজোৱাৰ চেষ্টা পৰ্য্টকৰ । ঢোলৰ চাপৰত কঁকাল ঘূৰাই নাছিলে কেইবাগৰাকী পৰ্য্টকে ।পৰ্য্টকৰ দলটি বিহু পথাৰত উপস্থিত হোৱাৰ পাছতে উদ্যোক্তা হাটবৰ কেন্দ্ৰীয় বিহু উদযাপন সমিতিৰ তৰফৰ পৰা বিদেশী পৰ্য্টক সকলক একোখনকৈ বিহুৱানৰে আদৰণি জনোৱা হয়।
বিহুৰ পিঠা-লাড়ুৰো সোৱাদ লয় বিদেশী পৰ্যটকসকলে ।অসমীয়াৰ আতিৰ্থ,অসমীয়া সাংস্কৃতিক ভূয়সী প্ৰশংসা কৰে দলটোৱে ।দলটো ধুবুৰী গৈ উভতিব গুৱাহাটীলৈ,তাৰ পিছত অসম আৰু অসমীয়াৰ স্মৃতি বুকুত লৈ গুৱাহাটীৰ পৰা উৰা মাৰিব নিজ দেশ নিউজিলেণ্ডলৈ ।
Leave A Comment