• No ভেকচিন, No পূজা, অথ: এছ অ’ পি পুৰাণ

    আঞ্চলিক
    No ভেকচিন, No  পূজা,  অথ:  এছ অ’ পি  পুৰাণ

    ডিজিটেল ডেস্ক: সাজি কাচি পূজা মণ্ডপলৈ বুলি ওলাইছে আপুনি। কাষত আপোনাৰ প্ৰিয় মানুহ। আপুনি পিন্ধিছে নতুন চোলা।মনতে আশা পালি আছে, পূজা মণ্ডপত গৈ আপুনি চেলফি তুলিব। ফেচবুকত আপলোড কৰিব । বন্ধু-বৰ্গই লাইক, কমেণ্ট কৰিব। কিন্তু বিধিৰ বিপাক! প্ৰৱেশ পথতে আপোনাক ৰখালে আৰক্ষীয়ে। বিচাৰিলে ভেকচিন গ্ৰহণৰ প্ৰমাণ পত্ৰ। ইফালে এলাহতে আপুনি এপালিও ভেকচিন লোৱা নাই।আৰক্ষীৰ সতে আপুনি যুক্তি তৰ্কত লিপ্ত হৈছে। কিন্তু আৰক্ষীও নাচোৰবান্দা।নতুন এছ অ’ পি অনুসৰি আপুনি যদিহে এপালিও ভেকচিন লোৱা নাই তেন্তে পূজা মণ্ডপৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে।আৰু নিৰুপায় হৈ আপুনি সেমেনা সেমেনিকৈ বিদায় লৈছে পূজাথলীৰ পৰা।


    হয়, এই ঘটনাই ঘটিব পাৰে আপোনাৰ সৈতে।চৰকাৰে বাৰে বাৰে কৈ আছে যে ভেকচিন লওঁক, ভেকচিন লওঁক। কাৰোবাক ফোন কৰিলেও প্ৰথমে ৩০ ছেকেণ্ড আপোনাক বুজাই লয়- - বোলে ভেকচিন লওঁক, কৰ’নাৰ পৰা হাত সাৰক।


    ইমানৰ পিছতো আপুনি ভেকচিন নল’লে!তেন্তে এইবাৰ পূজা দৰ্শনৰ আশা বিসৰ্জন দিয়ক। আজি প্ৰকাশ পোৱা নতুন এছ অ’ পি অনুসৰি অতি কমেও এপালি ভেকচিন লোৱা লোকেহে পূজাস্থলীলৈ যাব পাৰিব। আপুনি যদিহে এপালিও ভেকচিন নল’লে তেন্তে পূজা মণ্ডপৰ প্ৰৱেশদ্বাৰৰ পৰাই আৰক্ষীয়ে আঁতৰাই পঠিয়াব আপোনাক।
    এইবাৰৰ কৰ’নাকালীন পূজাৰ এয়াই ৰেহৰূপ। কেৱল ভেকচিন গ্ৰহণৰ ক্ষেত্ৰতেই নহয় অইন ক্ষেত্ৰতো এইবাৰ কঠোৰ হ’ব চৰকাৰ। নতুন এছ অ’ পি অনুসৰি চেনিটাইজ কৰিব লাগিব প্ৰতিমা বিসৰ্জনৰ ঘাটসমূহ। বিসৰ্জনস্থলীত নিয়োজিত স্বেচ্ছাসেৱক আৰু শ্ৰমিকসকলৰ সকলোৱেই ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা লোক হ’ব লাগিব।
    এনে কঠোৰ বিধি বিধানৰ মাজতেই এইবাৰ আমাৰ মাজলৈ আহিবলৈ সাজু হৈছে শাৰদীয় দুৰ্গোৎসৱ। এৰা, এইদৰেই কৰ’নাই সলালে শৰতৰো ৰঙ!