ডিজিটেল ডেস্ক: সাংস্কৃতিক সেনানী, সাংবাদিক তথা ৰূপকাৰ আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক পবিত্ৰ কুমাৰ ডেকাৰ স্মৃতিত ২০১১ চনৰ পৰা পবিত্ৰ কুমাৰ ডেকা আৰ্কাইভৰ দ্বাৰা প্ৰৱৰ্তন কৰা 'ৰূপকাৰ বঁটা'২০২৫ বৰ্ষৰ বাবে আগবঢ়োৱা হয় লেখক, চলচ্চিত্র নিৰ্মাতা উৎপল দত্ত আৰু চলচ্চিত্র পৰিচালক সঞ্জীৱ হাজৰিকাক।
২০২৫ বৰ্ষৰ ৰূপকাৰ বঁটা গ্ৰহণ কৰি লেখক চলচ্চিত্র নিৰ্মাতা উৎপল দত্তই কয় বহু বিশিষ্ট লেখকৰে পৰিৱেস্তিত হৈ থকাৰ পাছতো পবিত্ৰ কুমাৰ ডেকাই আমাৰ দৰে নতুন ডেকাবোৰক মাতি আনি ৰূপকাৰত লিখাৰ বাবে উদগনি দিছিল৷
মহানগৰীৰ পূৱশৰণীয়াৰ পবিত্ৰ কুমাৰ ডেকা আৰ্কাইভত আজি অনুষ্ঠিত এক সভাত বহু বিশিষ্ট লোকৰ উপস্থিতিত চিত্ৰশিল্পী চন্দন চুতীয়াই দুয়ো গৰাকী বঁটা প্ৰাপককে ৰূপকাৰ বঁটা প্ৰদান কৰে।
বঁটা গ্ৰহণ কৰি অন্যতম বঁটা প্ৰাপক চলচ্চিত্র পৰিচালক সঞ্জীৱ হাজৰিকাই সাংবাদিক পবিত্ৰ কুমাৰ ডেকাই কিদৰে ৰূপকাৰত লিখিবলৈ উৎসাহিত কৰিছিল তাৰ স্মৃতিচাৰণ কৰে। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি অসম বাণীৰ সম্পাদক দিলীপ চন্দনে ছাত্ৰাৱস্থাত পবিত্ৰ কুমাৰ ডেকাৰ সান্নিধ্যলৈ আহি কিদৰে চিত্ৰ সাংবাদিক হিচাপে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰিছিল তাৰ স্মৃতিচাৰণ কৰি তেওঁৰ প্ৰথমখন উপন্যাস 'মাজুলিত এতিয়া গধূলি' ৰূপকাৰত প্ৰকাশ পোৱাৰ কথাও ব্যক্ত কৰে।
অনুষ্ঠানত মুকাভিনেতা ময়নুল হকে, তেওঁ আৰু প্ৰয়াত অভিনেতা জয়ন্ত দাসে কিদৰে জীৱনত ভাল মানুহ হোৱাৰ বাবে কিদৰে পবিত্ৰ কুমাৰ ডেকাৰ কাষ চাপিছিল ৰসিকতা কৰি কয়। নাট্য কৰ্মী নয়নপ্ৰসাদে পবিত্ৰ কুমাৰ ডেকাৰ সান্নিধ্যলৈ আহি কিদৰে লিখিবলৈ ল’লে, সাংবাদিক মৃণাল কুমাৰ বৰাই পবিত্ৰ ডেকাৰ সান্নিধ্যলৈ আহি কেনেকৈ বহু বিখ্যাত লোকৰ ওচৰ চাপিবলৈ সাহস পাইছিল স্মৃতিচাৰণ কৰি কয়।
Leave A Comment