ডিজিটেল ডেস্ক: ইতি পৰিল এক অধ্যায়ৰ৷ বাৰ্ধক্য জনিত কাৰণত বেঙেনাখোৱাস্থিত নিজা বাসগৃহত শেষ নিঃশ্বাস ত্যাগ কৰে আশীৰ দশকৰ এগৰাকী প্ৰখ্যাত সংগীতজ্ঞ মানিক বৰাই৷ শিল্পী গৰাকীৰ বিয়োগত শোক স্তব্ধ গোলাঘাট।
গোলাঘাটৰ প্ৰতিটো অনুষ্ঠান, প্ৰতিষ্ঠানৰে সৈতে জড়িত আছিল শিল্পীগৰাকী। সংগীতৰ বিশাল ক্ষেত্ৰ খনৰে সংপৃক্ত হৈ জগত জিনা শিল্পী গৰাকীয়ে মমতা, ঘৰ সংসাৰ, সোণমইনা, মন মন্দিৰ,এই দেশ মোৰ দেশ আদি ছবিত সংগীত পৰিচালনা কৰিছিল।
ইয়াৰোপৰি সন্ধ্যাতৰা, দৈনন্দিন, তৰালী, পাপ আৰু প্ৰায়শ্চিত্ত, সিদ্ধান্ত, সংকল্প ঘৰ, কল্লোল, বৃষ আৰু বাষ্প,এ ধানি মৌচুকি মুষ্কান, মুচাফিৰ আদি ধাৰাবাহিকত সংগীত পৰিচালনা কৰিছিল মানিক বৰাই। আশীৰ দশকত বসন্ত মানিক যুটী আছিল সংগীত জগতৰ পৰিচিত নাম। উল্লেখযোগ্য যে কলিকতাৰ বিশিষ্ট সংগীত শিল্পীয়ে তেখেতক ‘এম নিউজ’ ডিগ্ৰী প্ৰদান কৰিছিল।
শিল্পী গৰাকীৰ মৃত্যু অসমীয়া সংগীত জগতৰ বাবে অপুৰণীয় ক্ষতি৷ অসমৰ সাংস্কৃতিক জগত, গোলাঘাট জিলা সাংবাদিক সংস্থাই শিল্পী গৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
Leave A Comment