ডিজিটেল ডেস্কঃ শৈক্ষিক নগৰী ৰূপে খ্যাত টংলা চহৰত সংঘটিত হ'ল এক নিৰ্মম হত্যা কাণ্ড। ডিঙি কাতি অতি নৃশংসতাৰে হত্যা কৰে ভাতৃদ্বয়ক । টংলা যোৰ পুখুৰী নিবাসী মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ ক্ৰমে গৌৰৱ শৰ্মা (ষষ্ঠ শ্ৰেণী) আৰু কৌশিক শৰ্মা (পঞ্চম শ্ৰেণী) শুকুৰবাৰে ৰাতিপুৱা বিদ্যালয়লৈ বুলি দুয়ো ওলাই গৈছিল।
টংলা কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ দুজন যথা সময়ত বিদ্যালয়ত উপস্থিত নোহোৱাত মাতৃক কিয় অহা নাই বুলি প্ৰধান শিক্ষক গৰাকীয়ে ফোন যোগে প্ৰশ্ন কৰে ।তাৰ পিছতহে নিখোজ হৈ থকা তথ্য পোহৰলৈ আহে । লগে লগে আৰক্ষীক অৱগত কৰে। কিন্তু আচৰ্য্যজনক ভাৱে দুয়োৰে মৃতদেহ টংলাৰ বটাবাৰী ষষ্ঠ পাৰাৰ নাইকা নদীৰ পাৰত উদ্ধাৰ হয় ।ঘাটকে অতি নৃশংস ভাৱে ৰেপি ৰেপি নিষ্পাপ শিশু দুটিৰ প্ৰাণ কাঢ়ি লয় । লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়।ইতিমধ্যে দোষী ব্যক্তিক কৰায়ত্ত কৰি ফাঁচি দিবলৈ দাবী জনাই।
আৰক্ষীয়ে সম্প্ৰতি অপৰাধৰ লগত জড়িত অস্ত্ৰ জব্দ কৰি প্ৰমাণ সংগ্ৰহ কৰি আছে । আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও টুইট কৰি এই কথা সদৰী কৰে। ইয়াৰ পিছতে বিটিআৰৰ আইজিপি বিবেকৰাজ সিং আৰু ওদালগুৰি আৰক্ষী অধীক্ষক পুস্কিন জৈনে সংবাদমেলত ঘটনাৰ কিছু তথ্য সদৰী কৰে ।
আইজিপি বিবেকৰাজ সিঙে ঘটনা সন্দৰ্ভত কয়, ‘‘পিতৃৰ পৰা অৱহেলাৰ বাবে হত্যাৰ বলি হোৱা দুই কিশোৰৰ সতীয়া ভাতৃ নীৰজ শৰ্মাৰ মনত সৃষ্টি কৰিছিল তীব্ৰ ঘৃণাৰ । ১৮ বছৰৰ উৰ্দ্ধৰ নীৰজে শিক্ষাগ্ৰহণ কৰি আছিল পঞ্জাবত । মাতৃয়ে পঞ্জাৱত কাম কৰাৰ বাবে মাতৃৰ সৈতেই আছিল নীৰজ । দুবছৰ পূৰ্বে টংলালৈ অহা নীৰজে বৰ্তমান টংলা কলেজত ৰাজনীতি বিজ্ঞানৰ স্নাতক প্ৰথম বৰ্ষত অধ্যয়ণৰত ।’’
তেওঁ আগলৈ কয়,‘‘দুবাৰকৈ বিবাহ পাশত আবদ্ধ হৈছিল অভিযুক্ত নীৰজ শৰ্মাৰ পিতৃ মহেন্দ্ৰ শৰ্মা । মহেন্দ্ৰ শৰ্মা পেচাত এজন গাড়ীচালক । নীৰজ তেওঁৰ প্ৰথমা পত্নীৰ সন্তান আছিল । দ্বিতীয়া পত্নী গৌৰৱ আৰু কিশোৰৰ সৈতে বাস কৰিছিল । নীৰজৰ মাতৃৰ সৈতে আছে এগৰাকী ভগ্নীও ।’’
হত্যাৰ বলি হোৱা দুই কিশোৰৰ ঘৰত এতিয়াও কান্দোনৰ ৰোল।ওদালগুৰি টংলাৰ দুই কিশোৰ হত্যাকাৰীক ফাঁচীৰ দাবী সতীয়া মাতৃ আৰু প্ৰতিবেশীৰ । নীৰজে নিজেই হত্যা কৰিব নোৱাৰে বুলি দাবী প্ৰতিবেশীৰ, নীৰজৰ মাতৃ, ভগ্নী আৰু মোমায়েক দুগৰাকীয়ে প্ৰৰোচিত কৰি হত্যা কৰাৰ অভিযোগ হত্যাৰ বলি হোৱা দুই কনমানিৰ মাতৃ আৰু ওচৰ-চুবুৰীয়াৰ।
উল্লেখ্য যে হত্যাৰ কাৰণ কেৱল সম্পত্তি, যাৰ বাবেই দুই কনমানিয়ে নৃশংস হত্যাৰ বলি হৈছিল।নীৰজৰ মাতৃ আৰু ভগ্নীৰ প্ৰৰোচনাত হত্যাৰ দৰে নিষ্পাপ কৰ্ম কৰিছিল বুলি অভিযোগ দুই পুত্ৰৰ মাতৃৰ।নীৰজে দুইবছৰ পূৰ্বে পাঞ্জাৱৰ পৰা আহিছিল টংলালৈ।টংলা মহাবিদ্যালয়ৰ তৃতীয় সন্মাষিকৰ ছাত্ৰ আছিল নীৰজ, কেতিয়াবা সতীয়া মাতৃৰ ঘৰত আছিল কেতিয়াবা টংলা বটাবাৰীৰ সস্ত্ৰপাৰাৰ মোমায়েকৰ ঘৰত থাকিছিল নীৰজে ৷
Leave A Comment