• ভাৰত চৰকাৰৰ ‘অগ্নিপথ’ আঁচনিৰ তীব্ৰ বিৰোধিতা অসম জাতীয় পৰিষদৰ

    আঞ্চলিক
    ভাৰত চৰকাৰৰ ‘অগ্নিপথ’ আঁচনিৰ তীব্ৰ বিৰোধিতা অসম জাতীয় পৰিষদৰ

     ডিজিটেল ডেস্ক : ভাৰত চৰকাৰে শেহতীয়াভাৱে
    আৰম্ভ কৰা ‘অগ্নিপথ’ আঁচনিখন অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বাবে অধিক ভয়াৱহ
    হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ কিয়নো বিদ্ৰোহী সমস্যাজৰ্জৰ এই ৰাজ্যকেইখনত নিবনুৱা সমস্যাও
    তুলনামূলকভাৱে অধিক জটিল৷ এনে প্ৰেক্ষাপটত ৪ বছৰ সেনা বাহিনীত সেৱা আগবঢ়াই অহাৰ পাছত
    সংস্থাপন নাপালে এই অঞ্চলৰ যুৱক-যুৱতীসকল বিদ্ৰোহী সংগঠনলৈ ঢাপলি মেলিব পাৰে- এই আশংকা
    অসম জাতীয় পৰিষদৰ৷



     দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু
    সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত এনেয়েও বিদ্ৰোহী
    সমস্যাই উদ্বেগজনক ৰূপ লৈ আছেই৷ চলিত বৰ্ষত এতিয়ালৈকে আঢ়ৈশৰো অধিক যুৱক-যুৱতীয়ে আলফা
    (স্বাধীন)ত যোগাদান কৰা বুলি বাতৰিত প্ৰকাশ পাইছে৷ গতিকে ‘অগ্নিবীৰ’ হিচাপে ৪ বছৰ সেৱা
    আগবঢ়াই অহাৰ পাছত সংস্থাপন নাপালে হতাশাত ভুগি উত্তৰ-পূৰ্বাঞ্চলৰ কোনোবা যুৱক-যুৱতী
    বিদ্ৰোহী সংগঠনৰ প্ৰতিও আকৃষ্ট হ
    ব পাৰে৷



     জাতীয় পৰিষদৰ দলৰ নেতাদ্বয়ে কয়
    যে সেনা বাহিনীকে ধৰি দেশৰ প্ৰতিৰক্ষা আৰু অন্য নিৰাপত্তা বাহিনীসমূহত সংস্কাৰৰ প্ৰয়োজনীয়তা
    নিশ্চয় আছে আৰু তাৰ বিৰোধিতা কৰাৰ কথা নাহে৷ কিন্তু সংস্কাৰৰ নামত প্ৰতিৰক্ষা বাহিনীসমূহৰ
    ৰাজনৈতিক ব্যৱহাৰ, জোৱানসকলৰ শোষণ তথা দেশৰ সামগ্ৰিক নিৰাপত্তা ব্যৱস্থাৰ সৈতে আপোচৰ
    বিৰোধিতা কৰিবই লাগিব৷



     দেশমাতৃক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে
    যিসকল যুৱক-যুৱতী প্ৰতিৰক্ষা বাহিনীসমূহলৈ যায়, তেওঁলোকৰ সেৱাৰ মূল্য টকাৰে জোখাৰ প্ৰৱণতা
    দেশপ্ৰেম হ
    ব নোৱাৰে
    বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে জীৱনকো তুচ্ছ জ্ঞান কৰি প্ৰতিৰক্ষা বাহিনীসমূহত
    সেৱা আগবঢ়াবলৈ যোৱাসকলে উপযুক্ত দৰমহা, পেঞ্চন আৰু অন্য সুবিধাসমূহ পাব লাগিব আৰু লগতে
    তেওঁলোক দেশৰ সেৱাত উপযুক্তভাৱে ব্যৱহাৰো হ
    ব লাগিব৷ কিন্তু ‘অগ্নিপথ’ আঁচনিৰ ক্ষেত্ৰত
    উক্ত আটাইকেইটা বিষয়তে কেন্দ্ৰীয় চৰকাৰে আপোচ কৰা পৰিলক্ষিত হৈছে৷ এই আঁচনিৰ জৰিয়তে
    এটা সময়ত গৈ আমাৰ দেশৰ প্ৰতিৰক্ষা বাহিনী পেন্সনবিহীন অস্থায়ী জোৱানেৰে ভৰ্তি হৈ পৰিব
    যি দেশৰ নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি নিশ্চয়কৈ এক ভাবুকিস্বৰূপ৷ ‘অগ্নিপথ’ আঁচনিয়ে ভাৰতৰ
    প্ৰতিৰক্ষা বাহিনীক দুৰ্বল কৰিব৷ 
    গগৈ আৰু ভূঞাই লগতে কয় যে কেন্দ্ৰৰ
    বিজেপি চৰকাৰে সংসদতে হওক বা অন্য ৰাজহুৱা মঞ্চতে হওক, কোনো ধৰণৰ আলোচনা নকৰাকৈ বা
    জনমত গ্ৰহণ নকৰাকৈ উক্ত সিদ্ধান্ত গ্ৰহণ কৰাটো গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি কুঠাৰাঘাত
    আৰু ইয়াৰ আঁৰত যে বিজেপি দলৰ ৰাজনৈতিক লক্ষ্য আছে, সেয়া স্পষ্ট৷



     তেওঁলোকৰ মতে, ইয়াৰ পূৰ্বে একপক্ষীয়
    আৰু তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণেৰে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিমুদ্ৰাকৰণৰ পদক্ষেপ হাতত
    লৈছিল৷ কিন্তু সময়ে এইটো প্ৰমাণ কৰিলে যে বিমুদ্ৰাকৰণ কেৱল লক্ষ্যপ্ৰাপ্তিত ব্যৰ্থ
    হোৱাই নহয়, বৰ্তমানৰ অৰ্থনৈতিক অধোন্নতিৰ বাবে মূলতঃ বিমুদ্ৰাকৰণেই দায়ী আছিল৷ কৃষি
    আইন, ত্ৰুটিপূৰ্ণ জি এছ টি প্ৰণয়ন আদিৰ ক্ষেত্ৰতো একে অভিজ্ঞতা হৈছে৷ এইবোৰৰ পৰা নৰেন্দ্ৰ
    মোদী চৰকাৰে শিক্ষা লোৱা উচিত৷



     ৪ বছৰ সেনা বাহিনীত চাকৰি কৰি উভতি
    অহাসকলক বিজেপিৰ কাৰ্যালয়সমূহত নিৰপত্তাকৰ্মী হিচাপে নিয়োগ কৰা হ
    ব বুলি
    বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বাৰ্গিয়াই আগবঢ়োৱা বক্তব্যতে দলৰ ৰাজনৈতিক
    উদ্দেশ্যৰ কথা লুকাই আছে বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয়, ‘ভাৰতৰ ৫১২খন জিলাৰ আটাইকেইখনৰে
    সদৰত অহা ৪ বছৰৰ ভিতৰত বিজেপিৰ জিলা কাৰ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব বুলি বিজেপিৰ
    ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই যোৱা এপ্ৰিল মাহত প্ৰকাশ কৰিছিল৷ বৰ্তমানলৈ ২১৫খন জিলাত
    নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে৷ তাৰ পাছত প্ৰতিটো বিধানসভা সমষ্টিত দলটোৰ কাৰ্যালয় হ
    ব বুলি
    তেওঁ ঘোষণা কৰিছিল৷ গুৱাহাটীৰ বশিষ্ঠত নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠা দলৰ আঠমহলীয়া
    অসম ৰাজ্যিক কাৰ্যালয় ভৱনত শতাধিক নিৰাপত্তাৰক্ষীৰ প্ৰয়োজন হ
    ব৷ বিজেপিক
    পৃষ্ঠপোষকতা আগবঢ়োৱা নিৰ্দিষ্ট কৰ্পোৰেট কোম্পানীসমূহতো বছৰি বহু নিৰাপত্তাৰক্ষীৰ প্ৰয়োজন৷
    গতিকে বিজেপি দলৰ চৰকাৰে নিজ দলৰ কাৰ্যালয় আৰু তেওঁলোকৰ পৃষ্ঠপোষক কৰ্প’ৰেট গোষ্ঠীসমূহৰ
    বাবে নিৰাপত্তাৰক্ষী সৃষ্টিৰ প্ৰয়োজনত যদি প্ৰতিৰক্ষা বাহিনীৰ নিযুক্তি প্ৰক্ৰিয়া সলনিৰে
    অগ্নিবীৰ সৃষ্টিৰ এই পদক্ষেপ হাতত লৈছে, তেনেহ
    লে তাতকৈ দুৰ্ভাগ্যজনক আৰু উদ্বেগজনক আন একো
    নাই৷
     অসম জাতীয় পৰিষদ দলে অগ্নিপথ আঁচনি
    স্থগিত ৰাখি সেয়া বিভিন্ন পৰ্যায়ত ৰাজহুৱা বিতৰ্ক তথা চৰ্চাৰ বাবে মুকলি কৰাৰ বাবে
    দাবী উত্থাপন কৰে৷