Regional
ডিজিটেল ডেস্ক : ৰাজ্যৰ বিৰোধী
ৰাজনীতি দুৰ্বল হৈ পৰিছে নেকি? নে বিৰোধী ৰাজনীতি দুৰ্বল হৈ পৰা বুলি প্ৰচাৰ চলোৱা
হৈছে? এই দুয়োটাই আংশিকভাৱে সত্য বুলি ৰাজনৈতিক পৰ্যৱেক্ষকসকলে মন্তব্য কৰিছে। অসমত
প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত মাত মাতি আহিছে। প্ৰদেশ
কংগ্ৰেছৰ সভাপতি হিচাপে ভূপেন বৰাই মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰ সন্দৰ্ভত দ্ব্যৰ্থহীনভাৱে
মাত মতা বুলি ক’ব পাৰি। বহুক্ষেত্ৰত কংগ্ৰেছৰ প্ৰতিবাদ আৰু মন্তব্য যিদৰে প্ৰচাৰ হ’ব
লাগিছিল, সেইদৰে নোহোৱাৰ অভিযোগো উঠিছে। যি কি নহওক ৰাজ্যসভা নিৰ্বাচনৰ পাছতে অসমত
বিৰোধী ৰাজনীতিক লৈ ৰাইজৰ মাজত সন্দেহৰ অৱতাৰণা হৈছে। এইক্ষেত্ৰত প্ৰধান বিৰোধী দল
কংগ্ৰেছ, এআইইউডিএফ আৰু এজন বিধায়ক থকা ৰাইজৰ দলক লৈ জনসাধাৰণৰ মাজত সন্দেহ আৰু শংকা
বিয়পি পৰিছে।
ৰাজ্যসভা নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া
প্ৰাৰ্থী হিচাপে কংগ্ৰেছৰ তদানীন্তন নেতা ৰিপুন বৰাক প্ৰক্ষেপ কৰা হৈছিল। সংখ্যাৰ ফালৰ
পৰা ৰিপুন বৰাৰ বিজয় নিশ্চিত আছিল। ৰাজ্যসভা নিৰ্বাচন যেন অসমৰ ৰাজনীতিত বিৰোধীৰ বাবে
এক পৰীক্ষা আছিল। বিৰোধী ঐক্যবদ্ধ হ’ব পাৰিছে নে নাই, বিৰোধীয়ে সঁচাকৈয়ে বিজেপিক ক্ষমতাচ্যুৎ
কৰিবলৈ আগ্ৰহী, বিৰোধীৰ মাজত শাসক দলৰ প্ৰতি আনুগত্য, অনুকম্পা থকা নেতা নাই। এইবোৰ
প্ৰমাণ কৰাৰ সুযোগ ৰাজ্যসভা নিৰ্বাচনে দিছিল। কিন্তু ৰাজ্যসভা নিৰ্বাচনে প্ৰমাণ কৰিলে
যে বিৰোধীত বিজেপিৰ প্ৰতি আনুগত্য, অনুকম্পা দেধাৰ নেতা আছে। বিজেপিয়ে ইচ্ছা অনুসৰি
বিৰোধীক নচুৱাব পাৰে।
ৰাজ্যসভা নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া
প্ৰাৰ্থী ৰিপুন বৰাই আঠটা ভোট কমকৈ পালে। ইয়াৰে এটা ভোট বিজেপিয়ে পোৱাটো নিশ্চিত আছিল।
কংগ্ৰেছৰ ৰহাৰ বিধায়ক শশীকান্ত দাসে আৰম্ভণিৰে পৰা বিজেপিৰ পক্ষত অৱস্থান লৈ আহিছে।
কিন্তু প্ৰশ্ন উঠিল, বাকী সাতটা ভোট বিজেপিয়ে
বিৰোধীৰ কোন বিধায়কৰ লাভ কৰিছিল? এইক্ষেত্ৰত এতিয়াও কোনো স্পষ্ট তথ্য কাৰো হাতত নাই
যদিও অভিযোগ উঠিছিল যে এআইইউডিএফৰ সাতগৰাকী বিধায়কে বিজেপি প্ৰাৰ্থীক ভোট দিছিল। কংগ্ৰেছে
মুকলিকৈ এই অভিযোগ উত্থাপন কৰিছিল।
এআইইউডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই
কংগ্ৰেছৰ অভিযোগ নস্যাৎ কৰি কৈছিল যে বিজেপি প্ৰাৰ্থীক কংগ্ৰেছ আৰু ৰাইজৰ দলৰ একমাত্ৰ
বিধায়ক অখিল গগৈয়ে ভোট দিছিল। কংগ্ৰেছে বিজেপি প্ৰাৰ্থীক ভোট দিয়াৰ অভিযোগ কৰিমউদ্দিন
বৰভূঞাই উত্থাপন কৰাৰ পাছত কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই বৰভূঞাৰ বিৰুদ্ধে গোচৰ তৰাৰ
সিদ্ধান্ত লৈছিল।
এইক্ষেত্ৰত আটাইতকৈ ভয়ংকৰ অভিযোগ
উত্থাপিত হৈছিল অখিল গগৈৰ বিৰুদ্ধে। অভিযোগ আনিছিল এআইইউডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই।
বৰভূঞাই বৈদ্যুতিন মাধ্যমৰ সাক্ষাৎকাৰত কৈছিল যে অখিল গগৈয়ে বিজেপিক ভোট দিছে। অখিল
গগৈয়ে বিজেপি বিধায়ক মানৱ ডেকাৰ পৰা ধন লৈ বিজেপিক ৰাজ্যসভা নিৰ্বাচনত ভোট দিলে। মানৱ
ডেকাৰ পৰা ক’ত, কেনেকৈ অখিল গগৈয়ে ধন লৈছিল তাৰ ব্যাখাও বৰভূঞাই দিছিল। এইক্ষেত্ৰত
বৰভূঞাই অখিল গগৈক লাই ডিটেক্টৰৰ সন্মুখত বৰভূঞাই অনা অভিযোগ মিছা প্ৰতিপন্ন কৰিবলৈ
প্ৰত্যাহ্বান জনাইছিল।
বিজেপিক বিৰোধীৰ কোনে ভোট দিলে,
তাক লৈ বিৰোধী শিবিৰত ইজনে-সিজনৰ প্ৰতি অভিযোগ আনি ৰাজ্যৰ ৰাজনীতিত বিৰোধীৰ বিশ্বাসযোগ্যতা
নিঃশেষ কৰি পেলালে। ৰাজ্যসভা নিৰ্বাচনত বিৰোধীৰ মাজৰ অনৈক্য প্ৰকট হোৱাৰ পাছত ৰাজ্যৰ
ৰাজনীতিত কংগ্ৰেছেও বিশ্বাসযোগ্যতা হেৰুৱালে। ভৱিষ্যতে শাসক দলৰ বিৰোধিতা কৰিবলৈ বিৰোধী
এখন মঞ্চত উপবিষ্ট হোৱাৰ সকলো সুযোগ ৰাজ্যসভা নিৰ্বাচনে নোহোৱা কৰি পেলালে। উল্লেখযোগ্য
যে ৰাজ্যসভা নিৰ্বাচনৰ পাছতে কংগ্ৰেছ সভাপতি ভূপেন বৰাই সংবাদমেলৰ জৰিয়তে ৰাজহুৱা কৰিছিল
যে ভৱিষ্যতৰ দিনবোৰত কংগ্ৰেছে আৰু কেতিয়াও এআইইউডিএফৰ সৈতে মিত্ৰতা নকৰে। এআইইউডিএফক
বিস্বাসঘাতক আৰু বিজেপিৰ এজেণ্ট হিচাপে অভিযুক্ত কৰিছিল বৰাই। ৰাজ্যৰ ৰাজনীতিত বিজেপিয়ে
বিচৰা ধৰণে মেৰুকৰণৰ ৰাজনীতি কৰি আহিছে এআইইউডিএফে। এই অভিযোগ কংগ্ৰেছ আৰু অখিল গগৈয়ে
একেলগে উত্থাপন কৰিছে। সম্প্ৰতি অসমত বিৰোধী শিবিৰ মূলতঃ দুটা ভাগত বিভক্ত। কংগ্ৰেছ
আৰু এআইইউডিএফ শিবিৰত বিভক্ত বিৰোধীয়ে আগন্তুক দিনবোৰত ঐক্যবদ্ধ হোৱাৰ কোনা লক্ষণ নাই।
কংগ্ৰেছে অকলে নিজক কিমানদূৰ বিজেপিৰ বিকল্প হিচাপে প্ৰতিষ্ঠ কৰিব পাৰিব তাৰ ওপৰত দেশৰ
প্ৰাচীনতম ৰাজনৈতিক দলটোৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিছে।
Leave A Comment