ডিজিটেল ডেস্কঃ শিলসাকোকে ধৰি মহানগৰীৰ বিভিন্ন অঞ্চলত উচ্ছেদ অভিযান চলাইছিল প্ৰশাসনে ৷ গুৱাহাটী মহানগৰীক বেদখনমুক্ত কৰিবলৈ আকৌ তৎপৰ হৈছে প্ৰশাসন ৷
আকৌ মহানগৰীত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান,এইবাৰৰ স্থান বিৰুবাৰী ৷ বৰ্তমানৰ লৈকে ১১ টা ঘৰ ভাঙিলে প্ৰশাসনৰ বুল’ডজাৰে ৷ প্ৰশাসনে বহু পূৰ্বেই পঠাইছিল ঘৰ খালি কৰাৰ জাননী ৷পুৱাৰ ভাগতেই বৃহৎ আৰক্ষী বাহিনী আৰু প্ৰশাসনৰ বোলডোজাৰ লৈ উচ্ছেদ বিৰুবাৰীৰ ট্ৰাংক ফেক্টৰীত ৷
প্ৰায় ২৫ দিনৰ আগতেই জাননী পঠিওৱা হৈছিল পৰিয়াল কেইটালৈ ৷আদালতত শুনানি চলি আছে বিষয়টোক লৈ
৬৯ ঘৰৰ ভিতৰত ৪৫ টা পৰিয়ালে আবেদন কৰিলে উচ্চ ন্যায়ালয়ত ৷
বাকী সকলৰ ঘৰতো উচ্ছেদ চলোৱা হৈছে ৷ বৃহস্পতি বাৰে অন্তিম জাননী প্ৰদান কৰাৰ পাছত শুক্ৰবাৰে উচ্ছেদ অভিযান চলোৱা হৈছে ৷
Leave A Comment