• জৰাজীৰ্ণ হ’ল বাহনা মহাবিদ্যালয় ছাত্ৰৱাসলৈ যোৱা পথছোৱা…

    আঞ্চলিক
    জৰাজীৰ্ণ হ’ল বাহনা মহাবিদ্যালয় ছাত্ৰৱাসলৈ যোৱা পথছোৱা…

    ডিজিটেল ডেস্ক : এজাক বৰষুণ দিলেই
    শালি ধান ৰুব পৰা দৰে অৱস্থা হৈ যায়। বৰষুণত নিটিতিলেও ভৰি, কাপোৰ-কানি বোকা, চিটিকনিৰে
    একাকাৰ হৈ যায়। আমি ইমানো ধনী নহয় যে এযোৰ লেতেৰা হ
    ল বুলি
    বেলেগ বেলেগ কাপোৰ সলাই কলেজ যাব পাৰিম। মূলপথৰ পৰা ছাত্ৰ নিৱাসলৈ প্ৰায় ১৫০-২০০ মিটাৰ
    দৈৰ্ঘ্যৰ এই পথছোৱাৰ মেৰামতি কৰিবলৈ ছাত্ৰৱাস আৰু মহাবিদ্যালয়ৰ তৰফৰ পৰা যোৰহাটৰ মাননীয়
    বিধায়কগৰাকীক কেইবাবাৰো আবেদন জনোৱা হ
    ল, কিন্তু আজিলৈ সেয়া প্ৰতিশ্ৰুতি হয়েই থাকিল।



     স্থানীয় লোকৰ অভিযোগ ৬০-৭০জন ছাত্ৰ
    থকাৰ লগতে ৮-৯ ঘৰমান স্থানীয় লোক থকা এই চুবুৰীটোৰ অহা-যোৱা কৰা ৰাস্তাৰ জৰাজীৰ্ণ
    অৱস্থাৰ একমাত্ৰ কাৰণ হ
    ল ভোট । কাৰণ এই ৯-১০ঘৰ মানুহৰ ভোটৰ দ্বাৰা ৰাস্তা এটা পাব নোৱাৰি।
    আজি ভঙা ইটাৰ টুকুৰা গোটাই আমি আৱাসীসকলে ৰাস্তাটোত যেনে-তেনে খোজকাঢ়িব পৰাকৈ অলপ
    মেৰামতি কৰিলো।



     বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কেৱল
    ভোটৰ কথা চিন্তা নকৰি ছাত্ৰসকলৰ অসুবিধাকেই অলপ বুজক। এতিয়া বাৰিষা, বৰষুণৰ বতৰ, দুদিনমান
    পাছত সকলোৰে পৰীক্ষা, আমিটো সদায় এনেদৰে মেৰামতি কৰিব নোৱাৰো।