ডিজিটেল ডেস্ক : অংগনবাড়ী কৰ্মী-সহায়িকাসকলৰ বাবে ভাল খবৰ। দৰমহা বৃদ্ধি হ'ব অসমৰ অংগনবাড়ী কৰ্মী-সহায়িকাৰ।এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। লগতে অংগনবাড়ী কৰ্মী-সহায়িকাসকলক এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ'ব। কিন্তু কেতিয়াৰ পৰা হ'ব অংগনবাড়ী কৰ্মী-সহায়িকাসকলৰ দৰমহা বৃদ্ধি?
উল্লেখযোগ্য যে বৃহস্পতিবাৰে কাৰ্বি আংলঙত জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় অহা ১ অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হ'ব অংগনবাড়ী কৰ্মী-সহায়িকাসকলৰ।
মুখ্যমন্ত্ৰী গৰাকীয়ে অংগনবাড়ী কৰ্মী-সহায়িকাসকলক আন্দোলন নকৰিবলৈ কোৱাৰ লগতে চৰকাৰৰ এই সিদ্ধান্তৰ দ্বাৰা অংগনবাড়ী কৰ্মী-সহায়িকাসকলৰ মনৰ দুখ কমিব বুলি কয়। কিয়নো ৰাজ্যৰ হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী-সহায়িকাই যোৱা কেইবাবছৰ ধৰি দৰমহা বৃদ্ধিৰ বাবে চৰকাৰক দাবী জনাই আহিছে। যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment