ডিজিটেল ডেস্কঃ লখিমপুৰ জিলাৰ পানীগাঁও থানাত ৰুজু হোৱা এটা গোচৰে লখিমপুৰত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু এই ঘটনাত পানীগাঁও থানাৰ তিনিজন লোকক আৰক্ষীয়ে কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। কিন্তু উক্ত গোচৰত সাঙোৰ খাই পৰা থানাখনৰ এছ আই সত্যজিত বৰা দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল। যোৱা ১২ মাৰ্চৰ পৰা পলাতক হৈ থকা বিষয়াজনক আৰক্ষী বিভাগে নিলম্বিত কৰিছিল।
আনহাতে, পলাতক এছ আই সত্যজিত বৰাক শুকুৰবাৰে লখিমপুৰ আৰক্ষীয়ে অৰুণাচলৰ পৰা গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে গৰু চোৰ সজাই এজন নিৰীহ লোকৰ পৰা থানাখনত চাৰিজন আৰক্ষীয়ে উৎকোচ গ্রহণ কৰিছিল আৰু এই কথা পাছত সদৰী হোৱাত আৰক্ষীয়ে তদন্তৰ ব্যৱস্থা কৰি চাৰিজনক অভিযুক্ত কৰিছিল। ইয়াৰ তিনিজন পূর্বে জে'ললৈ গৈছিল যদিও এছ আই সত্যজিত বৰা দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment