ডিজিটেল ডেস্কঃ বিশ্বনাথত সংঘটিত হল এক চাঞ্চল্যকৰ হত্যাকাণ্ড।পত্নীৰ দাৰ ঘাপত প্ৰাণ গল স্বামীৰ।
উল্লেখ্য যে বিশ্বনাথৰ মিজিকাজান চাহ বাগিচাৰ হাস্পতাল লাইনৰ নিবাসী চন্দন কিষানক আজি পত্নী অনিশা কিষানে দাৰে ঘপিয়াই হত্যা কৰে।তাৰ পিছতে স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে।লগে লগে বিশ্বনাথ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী পত্নী অনিশা কিষানক গ্ৰেপ্তাৰ কৰে আৰু মৃত দেহটো উদ্ধাৰ কৰি মৰনোত্তৰ বাবে প্ৰেৰণ কৰে।
আনফালে হত্যাকাৰী অনিশা কিষানে সাংবাদিকৰ কেমেৰাৰ সন্মূখতে স্বামীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য প্ৰদান কৰি কয় যে প্ৰতিদিনে স্বামীৰ নিৰ্মম অত্যাচাৰ সহিব নোৱাৰি এইদৰে তেওঁক হত্যা কৰে। এই হত্যা কাণ্ডই সমগ্ৰ বিশ্বনাথতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Leave A Comment