comScore
  • প্রাক্তন আৰক্ষী বিষয়াৰ গ্ৰন্থৰ পাতে পাতে দুর্নীতিৰ ছবি

    আঞ্চলিক
    প্রাক্তন আৰক্ষী বিষয়াৰ গ্ৰন্থৰ পাতে পাতে দুর্নীতিৰ ছবি
    ডিজিটেল ডেস্কঃ ৰাজনীতি আৰু দুৰ্নীতিৰ সম্পৰ্ক কি? আমোলাই কেনেকৈ দুর্নীতি কৰে? ৰাকেশ পালৰ লোকসেৱা আয়োগৰ কেলেংকাৰিৰ তদন্তত বাধাৰ প্রাচীৰ হৈছিল এজন কেবিনেট মন্ত্রী। দুহেজাৰ কোটি টকীয়া সমাজ কল্যাণ বিভাগৰ কেলেংকাৰিত মন্ত্ৰীৰ সোঁহাত স্বৰূপ দাস উপাধিৰ ঠিকাদাৰে কেনেকৈ লুটিছিল?- এনে অসংখ্য চাঞ্চল্যকৰ কথাৰে আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হ'ল প্রাক্তন শীর্ষ আৰক্ষী বিষয়া মুকুল শইকীয়াৰ গ্ৰন্থ 'স্বীকাৰোক্তি'। 

    কর্মজীৱনত তদন্ত কৰা কেইবাটাও হাই প্রফাইল কেলেংকাৰিৰ লগতে সেই তদন্তৰ সময়ত তেওঁ সন্মুখীন হোৱা পৰিস্থিতিৰ ওপৰত লিখা এই গ্ৰন্থখনৰ পাতে পাতে বহুকেইটা কেলেংকাৰিৰ বহু চাঞ্চল্যকৰ তথ্য প্রকাশ পাইছে। শিক্ষাবিদ ড° দয়ানন্দ পাঠকে উন্মোচন কৰা গ্ৰন্থখনত অসমৰ ৰাজনীতি আৰু দুৰ্নীতিৰ বহু অজানা গাথা প্রকাশ পাইছে। নিজ জীৱনত ঘটা বহু অকথিত কাহিনীক ভিত্তি কৰি ৰচনা কৰা কিতাপখনত ৰাকেশ পালক অসমত ইমান জ্ঞানী লোক থকাৰ পাছতো এজন নটাৰীক কোনে আৰু কি কাৰণে লোকসেৱা আয়োগৰ অধ্যক্ষৰ দৰে পদত অধিষ্ঠিত কৰিবলগীয়া হ'ল আৰু ইয়াৰ আঁৰত কোন আছে সেয়াও প্ৰকাশ কৰা হৈছে।

    উল্লেখযোগ্য যে লোকসেৱা আয়োগৰ কেলেংকাৰিৰ‌ তদন্ত কৰিবলৈ তেওঁক ন্যায়ালয়ে দায়িত্ব প্রদান কৰিছিল। কিছু তদন্ত কৰাৰ পাছতে তেওঁ বাধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। কিন্তু যিকণ তদন্ত কৰিছিল তাতে অধ্যক্ষ ৰাকেশ পালে দুর্নীতিৰ সকলো সীমা চেৰাই যোৱাৰ তথ্য লাভ কৰিছিল বুলি তেওঁ প্রকাশ কৰে। আনহাতে তেওঁ এই কেলেংকাৰি কেৱল নিজৰ বাবে কৰা নাছিল বুলিও উল্লেখ কৰি লেখক শইকীয়াই কয় যে সেই কেলেংকাৰি তেওঁক যিবোৰ লোকে সেই পদত অধিষ্ঠিত কৰিছিল, শাসক পক্ষ, বিৰোধী পক্ষ, ছাত্ৰ নেতাৰ খাতিৰত অধিক কৰিছিল। অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ প্ৰাক্তন আৰক্ষী অধীক্ষক শইকীয়াই গ্রন্থখনত ৰাজনীতিৰ শিপাত কিদৰে দুর্নীতি হয়, আমোলাই কেনেকৈ দুর্নীতি কৰে, অসমত দুর্নীতি বিৰোধী অভিযান কেনেকৈ চলে, ৰাকেশ পালৰ দুৰ্নীতিৰ তদন্ত কৰিবলৈ গৈ তেওঁ কি পৰিস্থিতিৰ সন্মুখীন হৈছিল, ৰাকেশ পালৰ দুর্নীতি গাপ দিবলৈ তেওঁক কোনে ভাবুকি দিছিল, কোনে উৎকোচ দিয়াৰ প্ৰস্তাৱ দিছিল, পালৰ তদন্তৰ প্ৰতিবেদন ওলোটা কৰিবলৈ কোন মন্ত্ৰীয়ে তেওঁক প্রভাৱান্বিত কৰিবলৈ চেষ্টা কৰিছিল, ২০০০ কোটি টকীয়া সমাজ কল্যাণ বিভাগৰ কেলেংকাৰি তদন্ত কৰি তেওঁ লাভ কৰা অভিজ্ঞতা, এই কেলেংকাৰিৰ তদন্ত কৰিবলৈ গৈ তিনিজন মন্ত্ৰীক জেৰা কৰাৰ অভিজ্ঞতা, দুর্নীতিৰ সদাগৰ বন বিষয়া মহৎ তালুকদাৰে নিজে বাচিবলৈ তেওঁক দিয়া অফাৰ, কাৰ্বি আংলঙৰ ১২ কোটি টকীয়া সুৰাৰ অবৈধ সাম্রাজ্য উৎখাতৰ সময়ত তেওঁ লাভ কৰা অভিজ্ঞতা গ্ৰন্থখনত প্ৰকাশ কৰা হৈছে। 

    আনহাতে দুর্নীতিৰ বিৰুদ্ধে আপোচহীন স্থিতিৰ বাবে বহুতৰ বাবে তেওঁ মূৰৰ কামোৰণিও হৈ পৰিছিল। এই স্থিতিৰ বাবেই শেষত তেওঁক দুর্নীতি নিবাৰকৰ পৰা আঁতৰাই অন্য স্থানলৈ বদলি কৰি দিয়া হৈছিল। তাৰ পাছতে প্রয়াত হোমেন বৰগোহাঞিয়ে স্তম্ভ লিখিছিল 'হু ইজ এফ্রেইড অব্ মুকুল শইকীয়া'। লোকসেৱা আয়োগৰ পাছতে সমাজ কল্যাণৰ দুহেজাৰ কোটি টকীয়া বিয়াগোম কেলেংকাৰিৰ তদন্তৰ দায়িত্ব লাভ কৰিছিল প্রাক্তন আৰক্ষী বিষয়াজনে। এই কেলেংকাৰিৰ তদন্ত কৰি লাভ কৰা তথ্যত খোদ মন্ত্ৰীৰ ঘনিষ্ঠ 'দাস' উপাধিৰ ঠিকাদাৰে কৰা বিয়াগোম কেলেংকাৰিৰ তথ্য পোহৰলৈ আনিছিল। ঠিকাদাৰজনে কিদৰে লুটি-পুটি ধন খাইছিল আৰু তাত কোনে কিদৰে সহযোগ কৰিছিল সেয়াও পোহৰলৈ আনিছিল। 

    এই কেলেংকাৰিৰে তদন্তৰ বাবে বিভাগটোৰ তেতিয়াৰ তিনি মন্ত্রী গৌতম বৰা, অকণ বৰা আৰু অজন্তা নেওগক তেওঁ জেৰা কৰিবলগীয়া হৈছিল। সেই জেৰাৰ অভিজ্ঞতাও তেওঁ কিতাপখনত উল্লেখ কৰিছে।
    indojawa88slot thailandsabung ayam onlinesv388sv388sabung ayam onlinesv388slot thailandsitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamlive casino