ডিজিটেল ডেস্কঃ গোৰেশ্বৰৰ গুৰমৌত ৰাইজে আপোন পথাৰখনলৈ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ ৷ কৃষকে সোনালী সপোন সিঁচা খেতিপথাৰ ডৰাত নিৰ্মাণ হ’বলগীয়া ইঁটা ভাটা বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদ ৰাইজৰ ৷
খেতিপথাৰত নিৰ্মাণকাৰ্য চলি থকা ইটা ভাটাই ভাবুকি অনাৰ সন্দেহ গুৰমৌ, ভেঁহবাৰী, গড়কা, জয়কুচি, বিঞ্চিমাৰী আৰু ভোতখলা গাঁৱৰ ৰাইজৰ।
কৃষিকৰ্মৰে পৰিয়াল পোহপাল দি অহা চহা খেতিয়কলৈ অন্ধকাৰ নামি আহিব বুলি অভিযোগ ৰাইজৰ ৷ এখন ব্যক্তিগত শৈক্ষিক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে সৰৱ ৰাইজ ৷ PDS গ’ বেক, কৃষিভূমি ধ্বংসকাৰী হুচিয়াৰ, PDSৰ শোষণ আৰু নচলিব,গ্ৰাম্য প্ৰদূষণকাৰী হুচিয়াৰ আদি শ্লোগানেৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।
ইতিমধ্যে বিভাগীয় কতৃপক্ষক ইটাভাটা নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ ৰাইজে স্মাৰকপত্ৰ প্ৰদান কৰিছে ৷ যদিও কোনো সুফল লাভ নকৰাত ৰাইজে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ পথাৰলৈ ওলাই আহে পুৰুষ মহিলা ৷শীঘ্ৰে কৃষকৰ সপোনৰ কৃষিভূমি ৰক্ষা কৰিবলৈ ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে ।
Leave A Comment