ডিজিটেল ডেস্কঃ চাৰিলেণ্ডযুক্ত পথ নিৰ্মাণ সংস্থা কালোৱালা কোম্পানীয়ে জোনাইত পথ নিৰ্মাণৰ নামত ক’ত আৰু কেনেকৈ দুৰ্নীতি-অনিয়ম সংঘটিত কৰি আহিছে ইয়াৰ প্ৰতিবেদন বিভিন্ন সময়ত সম্প্ৰচাৰ হৈ আহিছে বিভিন্ন সংবাদ মাধ্যমত৷
অৱশ্যে কালোৱালা কোম্পানীয়ে জোনাইত পথ নিৰ্মাণৰ নামত আজিও অব্যাহত ৰাখিছে ব্যাপক দুৰ্নীতি-অনিয়ম৷
কাৰণ ইয়াৰ বিৰুদ্ধে মাত মাতিব লগীয়া স্থানীয় সকলো দল-সংগঠন সমূহহেও যে সন্দেহজনকভাবে গ্ৰহণ কৰিছে ধৃতৰাষ্ট্ৰৰ ভুমিকা৷
আজি আমি জনাম কালোৱালা কোম্পানীয়ে চাৰিলেণ্ডযুক্ত পথ নিৰ্মাণৰ নামত সংঘটিত কৰা ব্যাপক দুৰ্নীতি-অনিয়মৰ অন্য এক দৃশ্য৷
অকাজানৰ পৰা অৰুণাচলৰ অয়ানলৈ পথ নিৰ্মাণকাৰী সংস্থা কালোৱালা কোম্পানীয়ে নিৰ্মাণ কৰি থকা চাৰিলেণ্ডযুক্ত পথৰ জোনাইৰ লাইমেকুৰীৰ ৰাকুত ককেস্থিত পথৰ দুয়োপাৰে প্ৰায় ২-৩ মাহ পূৰ্বে নিৰ্মাণ কৰা slope protection টো অতি নিম্নমানেৰে নিৰ্মাণ কৰাত সাধাৰণ দুই-এজাক বৰষুণতে চপৰাচপৰে খহি গৈ যিকোনো সময়তে ঘাইপথটো খহাই নিয়াৰ সম্ভাৱনাই দেখা দিয়াত স্থানীয় ৰাইজে বাৰম্বাৰ কালোৱালা কোম্পানীৰ কৰ্মকৰ্তাক বিষয়টো অৱগত কৰাৰ পিছতো কোম্পানীটোৱে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ৰাইজে৷
যিহেতো বাৰিষা সমাগত৷ দুই-এজাক বৰষুণতে যদি ইমান খহনীয়া হ’ব পাৰে, তেন্তে বাৰিষাৰ বৰষুণত কিমান খহিব পাৰে এয়া সহজে অনুমেয় নিশ্চয়কৈ৷
সেয়ে জোনাইত চাৰিলেণ্ডযুক্ত পথ নিৰ্মাণকাৰী সংস্থা কালোৱালা কোম্পানীয়ে পথ নিৰ্মাণৰ নামত সংঘটিত কৰা ব্যাপক দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে৷
Leave A Comment