ডিজিটেল ডেস্কঃ চিৰাং জিলাৰ সদৰ কাজলগাঁৱত বিটিচিৰ কৃষি বিভাগৰ দ্বাৰা নিৰ্মাণ কৰি উলিওৱা এছ অ' পি ডি আঁটনিৰ অধীনত এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা জিলা কৃষি বিষয়াৰ নৱ নিৰ্মিত কাৰ্যালয় গৃহৰ আজি শুভ উদ্বোধন কৰা হয় ৷
নৱ নিৰ্মিত কাৰ্যালয় গৃহৰ শুভ উদ্বোধন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে ৷ এই অনুষ্ঠানত উপস্থিত থাকে চিৰাং জিলাৰ আয়ুক্ত যতীন বৰা, বিটিচিৰ কৃষি বিভাগৰ সঞ্চালক ফণীধৰ ব্ৰহ্ম সহ অন্যান্য বিষয়া সকল ৷
আনহাতে জিলা কৃষি বিষয়াৰ কাৰ্যালয় চৌহদত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA)ৰ অধীনত জিলা কৃষি বিষয়াৰ কাৰ্যালয়ে আয়োজন কৰা হৈছে দু-দিনীয়া "কৃষক মেলা" ৷ আজি প্ৰদৰ্শনী মুকলি অনুষ্ঠানত উপস্থিত থাকি বিটিচিৰ সচিব অমৰজ্যোতি বৰ্মণে কৃষি মেলাখনিৰ শুভাৰম্ভ কৰে ৷ জিলা কৃষি বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত কৃষি, মীন, ৰেচম আৰু পশু পালন আৰু পশু চিকিৎসা বিভাগৰ ১২ খন ষ্টল দিয়া হৈছে ৷ অনুষ্ঠানত বিটচিৰ কৃষি বিভাগৰ সচিব অমৰ জ্যেতি বৰ্মন, সঞ্চালক ফণীধৰ ব্ৰহ্ম, চিৰাং কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী চন্দন ডেকা, বিজনী মহকুমা কৃষি বিষয়া উপানন্দ পাটোৱাৰী সহ ভালেমান কৃষকে অংশ গ্ৰহণ কৰে ৷
Leave A Comment